অসম

assam

টীয়কৰ কাকজানত ছাত্ৰ নিৰুদ্দেশ

By

Published : Apr 8, 2021, 12:02 PM IST

টীয়কৰ কাকজানত সন্ধানহীন ভূপেন ফুকনৰ একমাত্ৰ পুত্ৰ ঋতুৰাজ ফুকন ৷ কোনো লোকে ঋতুৰাজৰ সন্ধান লাভ কৰিলে ৯৫৭৭৪০২৭৯১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

a boy missing from teok
টীয়কৰ কাকজানত ছাত্ৰ নিৰুদ্দেশ

টীয়ক,8 এপ্ৰিল : লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকজান আৰণধৰা গাঁৱৰ নিবাসী ভূপেন ফুকনৰ একমাত্ৰ পুত্ৰ ঋতুৰাজ ফুকন যোৱা ৪ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে । জানিব পৰা মতে, ঋতুৰাজে ৪ এপ্ৰিলৰ বিয়লি একে গাঁৱৰে দুজন সমনীয়াৰ লগত ফুৰিবলৈ যায় ৷ পাচত সমনীয়া দুজন ঘৰলৈ উভতি আহে যদিও ঋতুৰাজ ফুকন বৰ্তমানলৈকে ঘৰ আহি নোপোৱাত পৰিয়ালৰ লগতে আত্মীয়-স্বজন উদ্বিগ্ন হৈ পৰিছে ।

টীয়কৰ কাকজানত ছাত্ৰ নিৰুদ্দেশ

ঋতুৰাজৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়েও ঋতুৰাজৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে ঋতুৰাজৰ সন্ধান লাভ কৰিলে ৯৫৭৭৪০২৭৯১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

লগতে পঢ়ক :হঠাৎ আজমলৰ ঘৰত ৰকিবুল হুছেইন !

ABOUT THE AUTHOR

...view details