টীয়ক, 25 জানুৱাৰী: দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই । পুৰুষ-মহিলা উভয়েই জপিয়াই পৰিছিল এই সংগ্ৰামত । দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল । কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, থগী সুঁত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল । এইসকল মহান মনীষীৰ ত্যাগৰ বাবেই আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে কৰিব পাৰিছো গৌৰৱ ৷ আজি দেশে লাভ কৰা স্বাধীনতা 75 বছৰ অতিক্ৰম কৰিলে ৷
কাইলৈ সমগ্ৰ দেশে ৭৪ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহে উদযাপন কৰিব (74th Republic Day)। যি সকল মহান ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টা তথা আন্দোলনৰ ফলত দেশে আজি এই স্বাধীনতাৰ সোৱাদ লাভ কৰিলে, সেই সকল মুক্তিযোদ্ধাক সোঁৱৰি দেশে কাইলৈ উদযাপন কৰিব গণৰাজ্য দিৱস (Freedom Fighters)। আজি আমি এনে এগৰাকী প্ৰবীণ মুক্তিযুজাৰুৰ কথাৰে সুঁৱৰিম দেশৰ স্বাধীনতা সংগ্ৰামৰ বহু শিহৰণকাৰী স্মৃতি ৷
যোৰহাট জিলাৰ টীয়ক ৰজাবাৰীৰ শতবৰ্ষ চুবলৈ গৈ থকা এগৰাকী প্ৰবীণ স্বাধীনতা সংগ্ৰামী দুৰ্গেশ্বৰ কলিতা (Freedom Fighter Durgeswar Kalita) । জীৱনৰ মাত্ৰ ১৫ টা বসন্ত অতিক্ৰম কৰাৰ সময়তেই নিজ পিতৃৰ সৈতে দেশৰ স্বাধীনতাৰ সংগ্ৰামখনত জপিয়াই নিজৰ দেশ প্ৰেমৰ পৰিচয় দিছিল এইগৰাকী প্ৰবীণ স্বাধীনতা সংগ্ৰামীয়ে । স্বাধীনতাৰ আন্দোলনত জড়িত হৈ বৃটিছৰ বিৰুদ্ধে বহুবাৰ কাছাৰি ঘেৰাও কৰিছিল ৷ সেইখিনি সময়তে কুমুদ বৰা, হৰিনাৰায়ণ বৰুৱাৰ দৰে মহান ব্যক্তিৰ নেতৃত্বত গাঁৱে-গাঁৱে সমদল কৰি আৰু গীত গাই গঞা ৰাইজক স্বাধীনতা আন্দোলনত ভাগ ল’বৰ বাবে আহ্বান জনাইছিল ।
লগতে পঢ়ক:Birth anniversary of Netaji: হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জয়ন্তী উদযাপন