দেৰগাঁও, ১০ ছেপ্টেম্বৰ: আজি কাব্যঋষি প্ৰয়াত নীলমনি ফুকনৰ ৯১ সংখ্যক ওপজা দিন । সোণাৰু ফুল ভালপোৱা কবিগৰাকীৰ অন্তিম ইচ্ছা আছিল কাব্যঋষি ওপজা ঠাই দেৰগাঁৱক সোণাৰুৰ হালধীয়া ৰূপেৰে নতুন ৰূপত সজায় তোলে । পৰিয়ালৰ লোকে ইতিমধ্যেই বিভাগীয় অনুমোদন লাভ কৰিলে কবিগৰাকী সপোনক দিঠক কৰিবলৈ ।
আজিৰ এই বিশেষ দিনটোত কবিৰ ইচ্ছাক বাস্তৱায়িত কৰিবলৈ দেৰগাঁৱৰ স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী অনুষ্ঠান সৃজনম আৰু কবিগৰাকীৰ পৰিয়ালৰ লোকৰ উদ্যোগত আনুষ্ঠানিকভাৱে সোণাৰু ৰোপণৰ কাৰ্যসূচী দেৰগাঁৱৰ শান্তিপুৰৰ পৰা শুভাৰম্ভ কৰে । লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপৰ দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব সোণাৰুৰ পুলি ।
উল্লেখ্য যে কাব্যঋষি নীলমণি ফুকনৰ ১৯৯৩ চনৰ ১০ ছেপ্টেম্বত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে । ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে ।