অসম

assam

ETV Bharat / state

Kaziranga University Convocation: কাজিৰঙা বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ সম্পন্ন

কাজিৰঙা বিশ্ববিদ্যালয়ৰ অষ্টমসংখ্যক দীক্ষান্ত সমাৰোহ সম্পন্ন (8th convocation ceremony of Kaziranga University) । সমাৰোহত অংশগ্ৰহণ নাগালেণ্ডৰ বহু চৰ্চিত মন্ত্ৰী টেমজেন ইমনা আলঙৰ ।

Kaziranga University Convocation
Kaziranga University Convocation

By

Published : May 12, 2023, 10:26 PM IST

কাজিৰঙা বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ সম্পন্ন

যোৰহাট, ১২ মে' : উজনি অসমৰ এখন অগ্ৰণী ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান হৈছে কাজিৰঙা বিশ্ববিদ্যালয় (Kaziranga University Jorhat) । যোৰহাট নগৰ পৰাৰ নাতিদূৰৈত অৱস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ অষ্টমসংখ্যক দীক্ষান্ত সমাৰোহ শুকুৰবাৰে সম্পন্ন হয় (8th convocation ceremony of Kaziranga University) ।

শুকুৰবাৰৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ অষ্টম সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে কাষৰীয়া ৰাজ্য নাগালেণ্ডৰ শিক্ষা মন্ত্ৰী টেমজেন ইমনা আলং (Nagaland Education Minister Temjen Imna Alang) আৰু 'ৱাটাৰ মেন অৱ ইণ্ডিয়া' খ্যাত ৰাজেন্দ্ৰ সিং (Water Man of India Rajendra Singh)। উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ ৮ সংখ্যক দীক্ষান্ত সমাৰোহত সহস্ৰাধিক শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ হয় (Phd from Kaziranga University) ।

সমাৱৰ্তন সমাৰোহৰ অনুষ্ঠানত উপস্থিত থাকি নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে বিভিন্ন ধৰণৰ খুহুতীয়া কথাৰে অনুষ্ঠানটো অধিক ৰসাল কৰি তোলে (Nagaland education minister in KU convocation) । শুকুৰবাৰৰ দীক্ষান্ত সমাৰোহত বিভিন্ন বিভাগৰ ৩৩ গৰাকীয়ে শ্ৰেষ্ঠতাৰ ভিত্তিত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । এই বিশেষ সন্মান প্ৰদান কৰে নাগালেণ্ডৰ শিক্ষা মন্ত্ৰী টেমজেন ইমনা আলঙে ।

আনহাতে, সৰ্বমুঠ ৭৮৭ গৰাকী শিক্ষাৰ্থীক দীক্ষান্ত সমাৰোহতেই বিশেষ সন্মান প্ৰদান কৰা হয় । উল্লেখ্য যে উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ যোৰহাটৰ ম'হবন্ধাস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে মানৱ সম্পদ গঢ়াত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । এই শিক্ষানুষ্ঠানখনত উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ লগতে দেশ-বিদেশৰ বহু শিক্ষাৰ্থীয়ে বৰ্তমান অধ্যয়ন কৰি আছে (prominent university of north east KU)।

আনহাতে, এই শিক্ষানুষ্ঠানত শিক্ষা সমাপ্ত কৰাৰ পিছত বহু শিক্ষাৰ্থীয়ে দেশ-বিদেশৰ নামী-দামী কোম্পানীৰ লগতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ অধীনৰ বিভিন্ন বিভাগত বৰ্তমান কৰ্মৰত হৈ আছে । বৰ্তমানলৈকে কাজিৰঙা বিশ্ববিদ্যালয় দেশৰ লগতে বিদেশতো এক চিনাকি নাম হৈ পৰিছে ।

লগতে পঢ়কCBSE Class 10 Exam Results : চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

...view details