যোৰহাট, 1 অক্টোবৰ : যোৰহাট আভ্যন্তৰীণ জল পৰিবহন বিভাগ(Department of Internal Water Transport)ৰ 7 গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছে কৰ্মচাৰী কেইগৰাকীক ৷
বিভাগটোৰ নিলম্বিত কৰ্মচাৰী কেইগৰাকী ক্ৰমে- ধনবৰ দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা, বিনোদ বৰুৱা, বিজু দাস, জয়ন্ত দাস আৰু বাবুল নেওগ ৷ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা(Ferry Accident)ৰ পাচতে এই 7 গৰাকী কৰ্মচাৰীক আটক কৰা হৈছিল যদিও জামিন লাভ কৰিছিল কৰ্মচাৰী কেইগৰাকীয়ে ৷