তিতাবৰ, 8 জুলাই :ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জা আদিক লৈ সম্প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষী-প্ৰশাসনে । ইতিমধ্যে নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী ।
তিতাবৰত আৰক্ষীৰ নিয়মীয়া তালাচীত নাগালেণ্ডৰ বাহনত উদ্ধাৰ 6 লক্ষাধিক টকাসহ 7 টাকৈ সুৰাৰ বটল ৷ লগতে উদ্ধাৰ এক বাকচ এয়াৰ গানৰ গুলী আৰু ব্ৰাউন চুগাৰ । তিতাবৰ চাৰিআলিত আৰক্ষীৰ সহযোগত দণ্ডাধীশ ৰাজা বৈশ্য আৰু মহকুমাধিপতি খনীন্দ্ৰ দাসৰ উপস্থিতি চলিছিল এই নিয়মীয়া তালাচী ৷ ডিমাপুৰৰ পৰা তিনিজন নগা লোক আহি থকা AS O3 Z 4537 নম্বৰৰ বাহনখনৰ চালকৰ আসনত আছিল এগৰাকী অসমীয়া যুৱক ৷