যোৰহাট, ৪ফেব্ৰুৱাৰী :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন । এই উপলক্ষে যোৰহাটৰ শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে ঐতিহাসিক শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে (68th Sankardev sangha annual conference in Jorhat)।
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু গুৰুজনাৰ ভক্তি বন্দনাৰে জীপাল হৈ পৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী । আজি দ্বিতীয়দিনা বাৰেৰহণীয়া কাৰ্যসূচী আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় বৈকুণ্ঠধামলৈ পৰিণত হয় ঐতিহাসিক দেউৰী পথাৰ যজ্ঞোৰাম বৰা সম্বন্ধয় ক্ষেত্ৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলে অধিৱেশনস্থলীত সমৱেত হৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । ভক্তিৰসৰ অমিয়াবানীৰে মুখৰিত শুদা কৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰ । ভাৰতৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ এক অ-ৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশনখন উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আতিথ্যত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ।
আজি অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ নৱ-নিৰ্বাচিত সভাপতি খগেন ফুকনে (Srimanta Sankaradev Sangha) । পুৱা ৯.৩০ বজাত ভাগৱতসহ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পিছতেই ১০.৩০ বজাত সাহিত্য শাখাৰ অধিবেশন আৰু দিনৰ ১.৩০ বজাত সংস্কৃতি শাখাৰ অধিবেশন অনুষ্ঠিত হয় । ইপিনে, সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু তিনিখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব ।