অসম

assam

যোৰহাটত পুনৰ 6 জনৰ দেহত কৰ'ণাৰ অৱস্থিতি

By

Published : Jul 12, 2020, 5:19 PM IST

যোৰহাট জিলাত বৰ্তমানলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা 317 গৰাকীলৈ বৃদ্ধি পাইছে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোককেইজনৰ সংস্পৰ্শলৈ আহিছিল 24 জনকৈ লোক ৷

যোৰহাটত পুনৰ 6 জনৰ দেহত কৰ'ণাৰ অৱস্থিতি
যোৰহাটত পুনৰ 6 জনৰ দেহত কৰ'ণাৰ অৱস্থিতি

যোৰহাট, 12 জুলাইঃ যোৰহাট চহৰত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ দেওবাৰৰ দিনটোত জিলাখনত নতুনকৈ ধৰা পৰিছে 6 গৰাকী লোকৰ দেহত COVID-19 ৷ আক্ৰান্ত লোককেইজনৰ পাঁচজন মাৰুৱাৰিপট্টী অঞ্চলৰ শিৱ ষ্ট’ৰ আৰু মহেশ ষ্ট’ৰ নামৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল ৷ এই ঘটনাৰ পাচতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোক ৷

যোৰহাটত পুনৰ 6 জনৰ দেহত কৰ'ণাৰ অৱস্থিতি

আক্ৰান্ত লোককেইজনৰ নাম ৰাকেশ কুমাৰ, মুকেশ সিং, গোপাল লাহতি, সঞ্জীৱ কুমাৰ, বিকাশ কুমাৰ আৰু ৰঞ্জিৎ ৰজত ৷ উল্লেখ্য যে, ৰঞ্জিৎ ৰজত নামৰ লোকজন জিএমচিত কৰ্মৰত ৷

আশাকৰ্মীয়ে জনোৱা অনুসৰি, আক্ৰান্ত লোককেইজনৰ সংস্পৰ্শত আছিল 24 জনকৈ লোক ৷ জিলা প্ৰশাসনে ইতিমধ্যে 14 দিনৰ বাবে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰতিষ্ঠান দুখনক ।

উল্লেখ্য যে, বৰ্তমানলৈ যোৰহাট জিলাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 317 গৰাকী হৈছে ৷

লগতে পঢ়কঃস্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই যুৱকৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details