অসম

assam

ETV Bharat / state

Martyrs Day of AATTSA: মৰিয়নিত আটছাৰ 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন - AATTSA Observed Martyrs Day at Mariani

মৰিয়নিত আটছাৰ 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চ শ্বহীদ উদ্যান আৰু পঞ্চ শ্বহীদৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয় (Martyrs Day of AATTSA) ৷

35th Central Martyrs Day of AATTSA Observed
মৰিয়নিত আটছাৰ 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস

By

Published : Jun 7, 2023, 6:30 PM IST

আটছাৰ 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস

যোৰহাট, 7 জুন: মৰিয়নিত আটছাৰ 35 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চ শ্বহীদ উদ্যান আৰু পঞ্চ শ্বহীদৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয় ৷ মৰিয়নিৰ কাটনিবাৰী চাহ বাগিচাত অনুষ্ঠিত কৰা হয় এই শ্বহীদ দিৱস ৷ এই দিৱসতেই ৰাজ্য সভাৰ সাংসদ পুঁজিৰে নৱ নিৰ্মিত পঞ্চ শ্বহীদ উদ্যানৰ লগতে পঞ্চ শ্বহীদৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয় (35th Central Martyrs Day of AATTSA Observed)

অনুষ্ঠানত চাহ জনগোষ্ঠীৰ বাবে আত্মবলিদান দিয়া শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৃতিচাৰণ সভাত শ্বহীদ পৰিয়ালক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ অনুষ্ঠানত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সমূহ বিষয়-ববীয়া, শ্বহীদ পৰিয়াল, ৰাজ্য সভাৰ সাংসদ তথা পূৰ্বৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া কামাখ্যা প্ৰসাদ তাছা, পূৰ্ব আটছা নেতা তথা বৰ্তমানৰ মন্ত্ৰী সঞ্জয় কিষান, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে (35th Central Martyrs Day of AATTSA) ৷

আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসতেই চাহ জনগোষ্ঠীৰ উন্নয়ন আৰু প্ৰাপ্য বিচাৰি শ্বহীদ হোৱা শ্বহীদ সকলক স্মৰণ কৰে মন্ত্ৰী ,সাংসদ , বিধায়ক আৰু আটছা নেতা-কৰ্মীসকলে ৷ তেওঁলোকে ছাহ জনগোষ্ঠীৰ বাবে যিখিনি ত্যাগ স্বীকাৰ কৰিলে সেয়া চাহ জনগোষ্ঠী লোকৰ হৃদয়ত আজিও সোমাই আছে ৷ লগতে শ্বহীদ পৰিয়ালৰ সংস্থাপনৰ বাবে কৰণীয় যিখিনি সেয়া সকলোৱে একত্ৰিতভাবে লগ হৈ কৰা হ'ব বুলি আজিৰ শ্বহীদ দিৱসত উপস্থিত থকা মন্ত্ৰী আৰু বিধায়কসকলে মত প্ৰকাশ কৰে (Martyrs Day of AATTSA) ৷

আজি শ্বহীদ দিৱসত অংশ গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন আটছা নেতা কামাখ্যা প্ৰসাদ তাছাই শ্বহীদ স্মৰণ কৰে ৷ উল্লেখ আটছাৰ এই কাৰ্যসূচীলৈ ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ব্যক্তি অহা পৰিলক্ষিত হৈছে (AATTSA Observed Martyrs Day at Mariani) ৷

লগতে পঢ়ক:Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া

ABOUT THE AUTHOR

...view details