যোৰহাট, 4 ফেব্ৰুৱাৰী :সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো অনুষ্ঠিত হৈছে 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস ৷ জনসাধাৰণক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে যোৰহাট জিলাৰ এ টি ৰোডস্থিত পুলিবৰ তিনিআলিত জিলা পৰিবহণ বিভাগৰ সৌজন্যত মাহজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস৷ যান বাহন চলোৱাৰ সময়ত জনসাধৰণৰ সজাগ তথা সাৱধানতাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে উদযাপন কৰা হয় পথ সজাগতা সপ্তাহ ৷
যোৰহাটত মাহজোৰা কাৰ্যসূচীৰে ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস - celebration
সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস ৷ সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো অনুষ্ঠিত হ’ল ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস ৷
যোৰহাটত মাহজোৰা কাৰ্যসূচীৰে ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস
বিগত ১৮ জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা পৰিবহণ বিভাগে ৩২ সংখ্যক পথ সজাগতা মাহৰ কাৰ্য্যসূচী হাতত লয় ৷ এই পথ সজাগতাত প্ৰতিদিনেই বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে জিলা পৰিবহণ বিভাগে ৷ এই পথ সজাগতা কাৰ্য্যসূচীৰ জৰিয়তে জনসাধৰণক যান বাহনৰ সৰু সৰু বিভিন্ন নিয়মাৱলী জ্ঞাত কৰোৱাৰ লগতে পথ দুৰ্ঘটনাও বহুগুনে হ্ৰাস কৰাৰ উদ্দেশ্যে সজাগ হবলৈ জিলা পৰিবহণ বিভাগে হাতত লৈছে এই প্ৰশংসনীয় পদক্ষেপ ৷
লগতে পঢ়ক:শব্দ প্ৰদূষণে জন্তু আৰু পক্ষীৰ ওপৰত পেলোৱা কাৰকসমূহ...