টীয়ক,15 ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰে পৰা টীয়কৰ ৰাজৈত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ত্ৰিংশতিতম বাৰ্ষিক অধিবেশন ৷ সহস্ৰাধিক বৈষ্ণৱপ্ৰাণ ভক্তৰ উপস্থিতিত বৈকুণ্ঠধামলৈ পৰিণত হৈছে যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ ৰাজৈ তিনিআলিৰ প্ৰয়াত তুলসী বৰদলৈ,মিনাৰাম ভূমিজ,গোপীকান্ত বৰুৱা,সেৱক ফুকন সমন্বয় ক্ষেত্ৰ ৷
বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে টীয়কৰ ৰাজৈ তিনিআলিৰ সমন্বয় ক্ষেত্ৰ - শ্ৰীমন্ত শংকৰদেৱ সমাজৰ অধিবেশন
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ত্ৰিংশতিতম বাৰ্ষিক অধিবেশন ৷ বিশ্ব দৰবাৰত মহাপুৰ্ষ দুজনাৰ আদৰ্শ তথা সৃষ্টিৰাজিক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে সংকল্পবদ্ধ হৈছে সমাজৰ সদস্য তথা ভক্তসকল ৷
তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা প্ৰাতঃপ্ৰসংগৰে আৰম্ভ কৰে শ্ৰী মন্ত শংকৰদেৱ সমাজৰ ভক্ত বৈষ্ণৱ সকলে ৷ দবা,শংখ,খোল,তালৰ ধ্বনিত সৃষ্টি হোৱা এক মাংগলিক পৰিৱেশত শতাধিক ৰাইজৰ উপস্থিতিত শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ পদাধিকাৰ ডা: দেৱ প্ৰসাদ বৰাই ধৰ্মধ্বজা উত্তোলন কৰি আৰম্ভ কৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷ মহাপুৰুষ দুজনাৰ নীতি আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ অপায়-অমংগল দূৰ কৰি সকলোৱে যাতে গুৰুৰ কৃপা লাভ কৰি আগুৱাই যাব পাৰে, সেই উদ্দেশ্যেৰেই উপস্থিত সকলো ভকত বৈষ্ণৱ প্ৰতিশ্ৰুতিবদ্ধ হৈছে পবিত্ৰ ধ্বজাৰ তলত ৷ দেওবাৰে সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ত্ৰিংশতিতম বাৰ্ষিক অধিবেশন ৷
লগতে পঢ়কঃবৰপেটা হাউলীত হোলীগীতৰ কৰ্মশালাঃ অংশ ল'লে শিশু,কিশোৰ আৰু মহিলাই