যোৰহাট, ২৩ মাৰ্চ : বুধবাৰে নিশা যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ডকাইতিৰ ঘটনা (robbery on Jorhat National Highway) । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই থকা সূৰ্য পেট্ৰ'ল পাম্পৰ সমীপত সংঘটিত হয় এই লোহমৰ্ষক ঘটনাটো । দেৱাশিস বৰুৱা নামৰ যুৱকজনে মটৰচাইকেলেৰে আহি সূৰ্য পেট্ৰ'ল পাম্পত প্ৰয়োজনীয় পেট্ৰ'ল ভৰাবলৈ লোৱাৰ সময়তে এজন যুৱকৰ স্কুটীত উঠি অহা তিনিজন যুৱকে বলপূৰ্বকভাৱে যুৱকজনৰ পৰা কাঢ়ি নিয়ে ধন (robbery case in Jorhat) ।
উক্ত যুৱক তিনিজনে ভাবুকি দি গাড়ী কিনিবলৈ থোৱা নগদ ধনখিনি লুটি নিয়ে । জানিব পৰা মতে, যুৱকজনৰ পৰা তিনি ডকাইতৰূপী যুৱকে অস্ত্ৰ দেখুৱাই ২৩ হাজাৰ টকা লুট কৰি নিয়ে । এই ঘটনা সন্দৰ্ভত নিশাতেই যুৱকজনে যোৰহাট সদৰ থানাত এক এজাহাৰ দাখিল কৰে (3 arrested in Jorhat in robbery case) । অৱশ্যে যুৱকজনৰ এজাহাৰ ভিত্তিত আৰু আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে সদৰ আৰক্ষীয়ে ডকাইত তিনিটাক আটক কৰিবলৈ সক্ষম হয় । যোৰহাট আৰক্ষীয়ে আটক কৰা ডকাইতৰূপী যুৱককেইজন হৈছে ক্ৰমে মাছৰহাট সবাইবন্ধাৰ মঞ্জিত দাস (24 ), দিগম্বৰ চুকৰ দ্বীপমণি দত্ত (27) আৰু দিগম্বৰ চুকৰে মুন দাস (18) ।