অসম

assam

ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

অসম কৃষি বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন(2nd International Conference of Agricultural Librarians and users community) । অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে উদ্ধোধন কৰে সন্মিলনখন ৷ দেশ বিদেশৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে উক্ত সন্মিলনত ৷

2nd-international-conference-of-agricultural-librarians-and-practical-groups-at-assam-agricultural-university
কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

By

Published : Apr 29, 2022, 8:50 AM IST

যোৰহাট, 29 এপ্ৰিল :গ্ৰন্থাগাৰ হৈছে জ্ঞানৰ অন্তৰ । ইয়াৰ জৰিয়তে সামগ্ৰিকভাবে জ্ঞান আহৰণ কৰি নিজকে সমৃদ্ধ কৰিব পাৰি । সামাজিক, বৈজ্ঞানিক, ব্যৱসায়িক তথা সামূহিক সকলো দিশতে গ্ৰন্থাগাৰে ভিন্নধৰ্মী দৃষ্টিভংগীৰে সহায় কৰে । এই মন্তব্য অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ(Assam Assembly Ex Speaker Hitendra Nath Goswami) । অসম কৃষি বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা দেশৰ কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন(2nd International Conference of Agricultural Librarians and users community) উদ্ধোধন কৰি এই মত ব্যক্ত কৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে ৷

দেশৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সন্মিলনৰ উদ্ধোধনী বক্তব্যত তেখেতে লগতে কয় যে, এটা ভাল গ্ৰন্থাগাৰে জ্ঞানৰ পৰিপূৰ্ণতাৰ দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে । সঠিক গ্ৰন্থাগাৰ ব্যৱস্থাপনাই জ্ঞানৰ সমৃদ্ধতাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । বৰ্তমানৰ পৰিবৰ্তিত সময়ত পুথিগত ব্যৱস্থাৰ উপৰিও ডিজিটেল ইনফৰমেশ্যনৰ জৰিয়তেও তথ্য তথা তথ্য প্ৰযুক্তিৰ দিশত আগুৱাব পৰা গৈছে । সমান্তৰালভাবে অধিক মাত্ৰাত জ্ঞান সম্প্ৰসাৰণ ঘটোৱাও সম্ভৱ হৈছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মুখ্য গ্ৰন্থাগাৰিক ড৹ চন্দন হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই ভাষণ প্ৰসংগত কয় যে, জ্ঞান হ’ল সম্ভাৱনাপূৰ্ণ শক্তি । তথ্যই আমাক অধিক জ্ঞান আহৰণত সহায় কৰে । যি জ্ঞানে আমাক সমৃদ্ধ কৰি আগুৱাই যোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰে । আমাৰ পূৰ্বপুৰুষসকলেও প্ৰাকৃতিক ভাৱধাৰাৰ সৈতে একাত্ম হৈ প্ৰযুক্তিগতভাৱে জ্ঞানী হৈ বহু চহকী হৈ আছিল । প্ৰাকৃতিক গতিবিধি পৰ্যবেক্ষণ কৰিয়েই কৃষি আগুৱাই নিছিল ।

কৃষি গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন

তেওঁ আৰু কয় য়ে, কেৱল আমাৰেই নহয় একেধৰণেই ৰাছিয়ান সংস্কৃতি, জাপানীজ সংস্কৃতি আৰু চীন সংস্কৃতিৰ দৰে চহকী সংস্কৃতিৰ এনে সমৃদ্ধতাৰ দিশতো নিজস্ব পৌৰাণিক ভাষাৰ সংস্কৃতিৰে সমৃদ্ধ হৈ প্ৰযুক্তিৰ দিশত আগবাঢ়ি আহিছে । সেয়ে আমি বৰ্তমান সময়তো আমাৰ সমৃদ্ধিশালী সংস্কৃত ভাষাৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে লাভ কৰা কৃষিৰ জ্ঞানৰ জৰিয়তে নিজকে অধিক আগুৱাই নিব লাগিব আৰু সমান্তৰালভাবে এনে জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত পুথিভঁৰালসমূহে মুখ্য ভূমিকা ল’ব লাগিব ।

প্ৰিয়দৰ্শিনী ভৰালী আৰু নিতুমিকা গগৈয়ে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানটোত ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্যসংগ্ৰাহক সংস্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গ্ৰন্থাগাৰিক ড৹ বিৰাণ জান ইউলুৱে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকায়ো সন্মিলনত বক্তব্য আগবঢ়ায় । অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহাই উপস্থিত থকা এই অনুষ্ঠানতে সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ আৰু এখন কাৰ্যক্ৰমণিকা চিডিও উন্মোচন কৰা হয় ।

সন্মিলনখনৰ উদ্ধোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শাখাত উৎকৃষ্টতাপূৰ্ণ প্ৰদৰ্শন আগবঢ়োৱা গ্ৰন্থাগাৰিকসকলক বঁটা প্ৰদান কৰা হয় । উদ্ধোধনী অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই হেমন্ত গোঁহাইয়ে । উল্লেখ্য যে ভাৰতৰ কৃষি গ্ৰন্থাগাৰিক আৰু তথ্যসংগ্ৰাহক সংস্থা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেভাৰেণ্ড বি এম পিউ গ্ৰন্থাগাৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক গ্ৰন্থাগাৰিক আৰু ব্যৱহাৰিক গোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

সন্মিলনত কৃষি গ্ৰন্থাগাৰত উদ্ভাৱন, বৃদ্ধি আৰু বহনক্ষমতা' শীৰ্ষক বিষয়ত দেশ বিদেশৰ প্ৰতিনিধিয়ে ৭৫ খনৰো অধিক গৱেষণা পত্ৰ পাঠ কৰিব । আমেৰিকা , কানাডাকে ধৰি কেবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অনলাইনযোগে এই সন্মিলনত অংশগ্ৰহণ কৰিছে । সন্মিলনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত কৰা হৈছে । আমেৰিকা, কানাডাকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অনলাইনযোগে এই সন্মিলনত অংশগ্ৰহণ কৰিছে । সন্মিলনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থমেলাও অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক :মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

ABOUT THE AUTHOR

...view details