যোৰহাট, ২৭ জানুৱাৰী :অসমৰ লোকসংগীতৰ এক অনুপম উপাদান বনগীতৰ বিশিষ্ট সাধক, লোকশিল্পী, ডিব্ৰুগড়ৰ পদ্ম দাসলৈ ২০২৩ বৰ্ষৰ 'বকুলবন বঁটা' আগবঢ়োৱা হৈছে (Assam Sahitya Sabha Bakul Bon Award) । ৬ দশক ধৰি বনগীতৰ চৰ্চা অব্যাহত ৰখা পদ্ম দাসক ২০২৩ বৰ্ষৰ বকুলবন বঁটা আগবঢ়াবলৈ পাই ন্যাস ধন্য হৈছে বুলি মত প্ৰকাশ কৰে বকুল বন ন্যাসৰ সভাপতি সৌমিত্ৰ পূজাৰীয়ে (2023 Bakul Bon Award to Padma Das) । ১৯৩৯ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা পদ্ম দাসৰ পিতৃ প্রয়াত সুবেন দাস আৰু মাতৃ পূৰ্ণিমালা দাস (Dibrugarh folk artist Padma Das) ।
নানা প্রতিবন্ধকতাৰ বাবে আনুষ্ঠানিক শিক্ষা ক্ষেত্ৰত আগবাঢ়িব নোৱাৰা পদ্ম দাসে বহু কষ্ট স্বীকাৰ কৰি জীৱন সংগ্ৰামত আগবাঢ়ি এটি মটৰ গেৰেজ মুকলি কৰি জীৱিকাৰ ব্যৱস্থা কৰে । এনে কঠিন সংগ্ৰামৰ মাজতো কিন্তু দাসৰ শিল্পীসত্তা সঞ্জীৱিত হৈ থাকে । সুৰীয়া কণ্ঠেৰে গীত গোৱা পদ্ম দাসৰ বনগীত ডিব্ৰুগড়ৰ (All India Radio Dibrugarh) বিভিন্ন অনুষ্ঠানৰ আকৰ্ষণ হৈ পৰে । জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামৰ মাজতো ১৯৭৪ চনৰ পৰা আকাশবাণী ডিব্ৰুগড়ৰ নিয়মীয়া শিল্পী হিচাপে বনগীত পৰিবেশন আৰম্ভ কৰে ।