টীয়ক, ১৬ ফেব্ৰুৱাৰী:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহে নিজ নিজ শক্তিৰ প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে । শাসকীয় বিজেপি দলেও বৰ্তমান দলৰ প্ৰতিটো স্তৰতে সাংগঠনিক ভেঁটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে । এই উদ্দেশ্যৰে মঙলবাৰে যোৰহাটৰ টীয়কত এখন যোগদান সভা আয়োজন কৰে বিজেপি দলে ৷
টীয়কত দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিজেপিত যোগদান - Teok
বিজেপি সাম্প্ৰদায়িক দল বুলি বিৰোধীয়ে বিভিন্ন সময়ত তীক্ষ্ণ সমালোচনা কৰা সময়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দলটোক আদৰি লোৱা কাৰ্যই অনাগত 21ৰ নিৰ্বাচনত বিজেপিক জয়ধ্বজা উৰুৱাত অধিক অৰিহণা যোগাব বুলি আশাবাদী দলৰ নেতৃত্ব ।

টীয়কত দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিজেপিত যোগদান
টীয়কৰ বলমা পঞ্চায়তৰ নদীতলী অঞ্চলত আয়োজিত এই সভাত প্ৰায় দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ বিজেপি সাম্প্ৰদায়িক দল বুলি বিৰোধীয়ে বিভিন্ন সময়ত তীক্ষ্ণ সমালোচনা কৰা সময়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দলটোক আদৰি লোৱা কাৰ্যই অনাগত 21ৰ নিৰ্বাচনত বিজেপিক জয়ধ্বজা উৰুৱাত অধিক অৰিহণা যোগাব বুলি আশাবাদী দলৰ নেতৃত্ব ।
লগতে পঢ়ক :শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড