অসম

assam

ETV Bharat / state

থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ national award অসমলৈ - aau

অসমৰ কৃষিক্ষেত্ৰলৈ সুখবৰ । থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত অসমলৈ প্ৰথমবাৰৰ বাবে প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড ৷

2 national award for assam in agricultural excellence
থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ national award অসমলৈ

By

Published : Nov 13, 2021, 8:48 PM IST

যোৰহাট, 13 নবেম্বৰ :অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ পূবাঞ্চলৰ কাৰ্বি আৰু ডিমাচা জনগোষ্ঠীয় লোকে প্ৰথমবাৰৰ বাবে থলুৱা বীজ সংৰক্ষণ তথা কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত আগবঢ়াই অহা অৱদানৰ বাবে দুটাকৈ সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰি ফাৰ্মাৰ কো অপাৰেটিভ চচাইটিয়ে সামুহিক শাখাত 'প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড ' আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাই প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীয়ে প্ৰতি বছৰে পৰম্পৰাগত কৃষিজাত উদ্ভিদৰ সংৰক্ষণৰ দিশত আগবঢ়োৱা এই সন্মান ২০২০-২১ বৰ্ষৰ বাবে আগবঢ়াইছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰি কয় যে, প্ৰথমবাৰৰ বাবে আমাৰ এটা থলুৱা জনগোষ্ঠীয়ে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা এই পুৰস্কাৰে আমাক গৌৰাম্বিত কৰিছে ।

থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ national award অসমলৈ

অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি গৱেষণা সঞ্চালকালয়ৰ জৰিয়তে আবেদন কৰি সামূহিক শাখাৰ ৩১ খন আবেদন আৰু ব্যক্তিগত শাখাৰ ২০০ খন আবেদনৰ ভিতৰত এই শ্ৰেষ্ঠত্ব আৰ্জন কৰিবলৈ সক্ষম হয় । সামূহিক শাখাৰ পৰা বাছনি কৰা ২ খনৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে ব্যক্তিগত শাখাৰ ২০ খনৰ ভিতৰত স্থান লাভ কৰিছে বিশ্ববিদ্যালয়খনে ।

কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ কো অপাৰেটিভ চচাইটি ২০১৬ চনত গঠিত হৈছিল । এই চচাইটিয়ে কাৰ্বি আংলং জিলাত কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছে । এই চচাইটিৰ লগত প্ৰত্যক্ষভাৱে ৩০০ জন কৃষকক আৰু পৰোক্ষভাৱে ১০০০ কৃষক জড়িত হৈ আছে । কাৰ্বি আংলং জিলাৰ শিলফুটা নগৰজান বকলিয়াৰ যুৱকৃষক বলোৰাম চাৰংচাই থলুৱা জাতৰ ৭ বিধ জলকীয়া সংৰক্ষণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

জৈৱ বৈচিত্ৰৰ আহুকালৰ সময়ত থলুৱা বীজৰ পৰম্পৰাগতভাৱে কৰা সংৰক্ষণ আৰু এই দিশত অধিক গুৰুত্ব দি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাটো আশাৰ খবৰ । এই সংৰক্ষণৰ বাবে কৃষকৰ অধিকাৰ ৰক্ষাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰি এই সন্মান লাভৰ অংশীদাৰ হৈছে । থলুৱা তিলৰ ভেৰাইটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে উচ্চ উৎপাদনক্ষম দুটাকৈ নতুন জাত উদ্ভাৱন কৰাই নহয়, এইসকলে সংৰক্ষণ কৰা জলকীয়াৰ পৰা নতুন দুটা জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে বুলি অৱগত কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Leader of Opposition: পুনৰ বিৰোধী দলপতিৰ পদ হেৰুৱাব নেকি দেৱব্ৰত শইকীয়াই ?

ABOUT THE AUTHOR

...view details