যোৰহাট, 25 নৱেম্বৰ :শেহতীয়াকৈ, যোৰহাটত সংঘটিত হৈছে এক অঘটন । জিলা প্ৰশাসন, চাইল্ড লাইনৰ হেমাহিৰ বাবে মাতৃৰ বুকুৰ পৰা এটা দুমহীয়া শিশু ১৫ দিন ধৰি আতৰি থাকিব লগীয়া হ'ল(2 month old baby taken away from mother) । ঘটনাটো ঘটিছিল বিগত ১০ নৱেম্বৰত । লাহদৈগড়ৰ দিহা নাগিনীজান চাহ বাগিচাৰ এটা দম্পতীৰ এটা দুমহীয়া সন্তান আত্মীয়ৰ ঘৰত থৈ পৰিয়ালৰ লোক চাহ বাগিচাৰ কামলৈ গৈছিল । কিন্তু কোনো অজ্ঞাত ব্যক্তিয়ে শিশুটি আত্মীয়ক বিক্ৰী কৰি দিয়াৰ অভিযোগ আনি চাইল্ড লাইনক ফোন যোগে জনায় ।
ইয়াৰ পাচতেই চাইল্ড লাইনৰ এটা দল লাহদৈগড় থানাত অৱগত কৰি এখন উকা কাগজত শিশুটি উদ্ধাৰ কৰাৰ সন্দৰ্ভত লিখি দুমহীয়া শিশুটি উদ্ধাৰ কৰি আনে (child line rescues baby without mother's concern)। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিশুটিৰ পিতৃ মাতৃ আহি উপস্থিত হয়হি আৰু শিশুটি নেদেখাত হতচকিত হৈ পৰে(mothers losses her baby) । লগে লগে স্থানীয় লোকৰ সৈতে দম্পতি হাল আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়ে কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ উত্থাপন হয় ।