মৰিয়নি,4জুনঃ মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত গণ প্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰা দেৱাশীষ গগৈৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্যৰ লগতে আহত সকললৈ ২৫ হাজাৰকৈ টকাৰ সাহাৰ্য ঘোষণা কৰিছে ৷
দেৱাশীষৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য - গণ হত্যাৰ বলি হোৱা দেৱাশীষ গগৈ
গণ হত্যাৰ বলি হোৱা দেৱাশীষ গগৈৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্যৰ লগতে সমগ্ৰ ঘটনাটোত আহত হোৱা লোককেইজনলৈ ২৫ হাজাৰকৈ টকাৰ সাহাৰ্য ঘোষণা চৰকাৰৰ ৷
![দেৱাশীষৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য 2 lakh compensation to debasish family from cm fund](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7469624-thumbnail-3x2-a.jpg)
বুধবাৰে সন্ধিয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ,অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, আটছা, আটাছু,আছু আদি বহুকেইটা সংগঠনৰ লগত হোৱা এখন আলোচনাত সৰ্বসন্মতি ক্ৰমে লোৱা সিদ্ধান্ত অনুসৰি জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এই কথা ঘোষণা কৰে। অন্যহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেৱাশীষৰ পৰিয়াল বৰ্গলৈ আগবঢ়োৱা সাহাৰ্য পুঁজিৰ পৰিমাণ 2লাখৰ পৰা 4 লাখ কৰিবলৈ আৰু আহতসকলৰ সাহাৰ্য 50 হাজাৰ টকা কৰিবলৈ অনুৰোধ কৰে।
লগতে পঢ়কঃদেৱাশীষ হত্যাকাণ্ডৰ তদন্তত ৰাইজক সহায়ৰ আহ্বান আৰক্ষীৰ !