যোৰহাট, 25 ফেব্ৰুৱাৰী : অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হ'ল প্ৰথম দীক্ষান্ত সমাৰোহ ৷ বিগত ৫ বছৰত বিশ্ববিদ্যালয়খনৰ পৰা উত্তীর্ণ হোৱা ৫৮০ গৰাকী ছাত্ৰীক এই অনুষ্ঠানত মান-পত্ৰ প্ৰদান কৰা হয় ৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত উত্তীর্ণ হোৱা ছাত্ৰীসকলে অসমীয়া সাজ-পাৰ পৰিধান কৰি গ্ৰহণ কৰে মানপত্ৰ ৷ মহিলা বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় এই মান পত্ৰ ৷
২০১৪ চনতে স্থাপন হোৱা অসম মহিলা বিশ্ববিদ্যালয়খনে বহু ঘাট-প্ৰতিঘটাৰ পিচত মঙলবাৰে অনুষ্ঠিত কৰা প্ৰথম দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ছাত্ৰীসকল ৷ বিশ্ববিদ্যালয়খনত কৰ্মৰত ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়ত্ৰী সকলক সু-সংস্থাপন প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্তব্য কৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখীয়ে ৷ আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচার্য মালিনী গোস্বামীয়ে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰি সন্তোষ প্ৰকাশ কৰে ৷