অসম

assam

মৰিয়নী সমষ্টি উপ-নিৰ্বাচন : উন্নয়নৰ আশা লৈ ভোটকেন্দ্ৰৰ বাহিৰত ৰাইজ

By

Published : Oct 30, 2021, 9:28 AM IST

মৰিয়নী সমষ্টিত শনিবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷ সমষ্টিটোত মুঠ 183 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

slug_A_teok_801_30oct_asc10027_teok_election_dl_s.saikia
মৰিয়নী সমষ্টি উপ-নিৰ্বাচন : উন্নয়নৰ আশা লৈ ভোটকেন্দ্ৰ বাহিৰত ৰাইজ

যোৰহাট, 30 অক্টোবৰ : শনিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে পাঁচোটা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ ৷ আন আন সমষ্টিৰ সমান্তৰালকৈ মৰিয়নী সমষ্টিতো ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ ভীৰ ৷ এইবাৰ সমষ্টিটোত 1,24,669 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিজন প্ৰাৰ্থীৰ ভাগ্য ৷

মৰিয়নী সমষ্টি উপ-নিৰ্বাচন : উন্নয়নৰ আশা লৈ ভোটকেন্দ্ৰ বাহিৰত ৰাইজ

সমষ্টিটো 183 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ক’ভিড প্ৰট’কল মানি কেন্দ্ৰকেইটাত ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে ৷ ছয়মাহ পূৰ্বে এইসকল ভোটাৰে ৰূপজ্যোতি কুৰ্মীক 2446 টা ভোটত জয়যুক্ত কৰিছিল ৷ কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে সমষ্টিটো বিধায়ক শূণ্য হৈ পৰে ৷ যাৰবাবে সমষ্টিতটোত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ৷

ছয়মাহ পিছত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সমষ্টিটোৰ ভোটাৰসকল কিছু অসন্তুষ্ট যদিও সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তথা নিৰ্বাচনী সভাসমূহত শাসকীয় দলৰ মন্ত্ৰী বিধায়কে দিয়া প্ৰতিশ্ৰুতিৰ সুফল লাভৰ আশা লৈ ৰাইজে উপ নিৰ্বাচনক সমৰ্থন কৰিছে ৷ উপ নিৰ্বাচনত এগৰাকী যোগ্য প্ৰাৰ্থীয়ে জয়লাভ কৰি সমষ্টিটোক উন্নয়নৰ দিশে আগুৱাই নিব বুলি আশাবাদী ভোটাৰ সকল ৷

লগতে পঢ়ক :ভৱানীপুৰৰ হাঠিনাপুৰ বিদ্যামন্দিৰ কেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details