যোৰহাট, 14 মে':১২ মে'ৰ পৰা বহিঃৰাজ্যত আবদ্ধ লোকসকল ৰে'লযোগে ঘূৰি আহিছে অসমলৈ । দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোক সকল আহিছে ভিন্ন প্ৰান্ত ৰেড আৰু অ'ৰেঞ্জ জ'নৰ পৰা । গুৱাহাটীৰ পাচতে যোৰহাটৰ মৰিয়নীৰ ৰে'লৱে ষ্টেচনত নামিছে কিছু সংখ্যক লোক । ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে মৰিয়নীৰ ষ্টেচনত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । উজনি অসমৰ বিভিন্ন জিলাৰ লোক সকলৰ ভিতৰত বিশেষকৈ গোলাঘাট, যোৰহাট, মাজুলী আৰু শিৱসাগৰৰ লোকসকলে অৱতৰণ কৰিছে মৰিয়নীৰ ষ্টেচনত । ষ্টেচনতে যাত্ৰী সকলৰ বাবে কৰা হৈছে স্ক্ৰীনিঙৰ ব্যৱস্থা ।
১৩ মে'ৰ নিশাই উজনি মুৱা ৰে'লখন মৰিয়নী ষ্টেচন পোৱাৰ পিচত যোৰহাটৰ লগতে মাজুলী, গোলাঘাট, শিৱসাগৰৰ মুঠ ৩৭ গৰাকী যাত্ৰী অৱতৰণ কৰে । ইয়াৰ ভিতৰত যোৰহাটৰ ২০ গৰাকী, মাজুলীৰ 1 গৰাকী, ১৫ গৰাকী গোলাঘাটৰ আৰু ২ গৰাকী যাত্ৰী শিৱসাগৰৰ । সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে কৰ্তৃপক্ষৰ লোকে ।