অসম

assam

By

Published : Mar 6, 2023, 5:54 PM IST

ETV Bharat / state

Debasish Gogoi lynching case: যোৰহাটৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ ৰায়দান; 11 জনক যাৱজ্জীৱন কাৰাদণ্ড

যোৰাহাটৰ দেৱাশীষ গগৈৰ দলবদ্ধ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিলে আদালতে (Jorhat Debasish Gogoi mob lynching) ৷ মুঠ 18 অভিযুক্তৰ 11 জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে ৷ আদালয়ৰ ৰায়ৰ পাচতেই উৎফুল্লিত হৈ পৰিছে দেৱাশীষৰ পিতৃ-মাতৃ ৷ কিন্তু বৰ্তমানলৈকে চৰকাৰে পূৰণ কৰা নাই পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৷

Debasish Gogoi lynching case
যোৰহাটৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ ৰায়দান; 11 জনক যাৱজ্জীৱন কাৰাদণ্ড

যোৰহাটৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ ৰায়দান; 11 জনক যাৱজ্জীৱন কাৰাদণ্ড

যোৰহাট, 6 মাৰ্চ:সোমবাৰে গ্ৰহণ কৰা হ’ল মৰিয়নিৰ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ চূড়ান্ত শুনানি (Debasish Gogoi murder case hearing) ৷ সমগ্ৰ ঘটনাৰে জড়িত মুঠ 18 অভিযুক্তৰ ভিতৰত 11 জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু 7 জনক নিৰ্দোষ বুলি ৰায়দান আদালতৰ ৷ যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে দিলে এই চূড়ান্ত ৰায়দান ৷ আদালতৰ ৰায়দানত সুখী হ’লেও চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ দেৱাশীষ গগৈৰ পিতৃৰ (Jorhat Debasish Gogoi mob lynching) ৷

উল্লেখ্য যে, মৰিয়নিৰ গাভৰু পাহাৰত 2020 চনৰ 29 মে’ত সংঘটিত হৈছিল দেৱাশীষ গগৈৰ নৃশংস হত্যাকাণ্ড ৷ মৰিয়নিৰ গাভৰু পাহাৰৰ আঠাইছ হিল নামৰ স্থানত সৌন্দৰ্য উপভোগ কৰিবলৈ যাওঁতেই এদল মানৱৰূপী দানৱৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল দেৱাশীষ গগৈয়ে ৷

এই নৃশংস ঘটনাৰ পাচতেই আৰক্ষীয়ে তদন্ত কৰি মুঠ 18 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰায় আঢ়ৈ বছৰ ধৰি চলিছিল দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ৷ অৱশেষত সুদীৰ্ঘ আঢ়ৈ বছৰৰ পাচত ন্যায় পাবলৈ সক্ষম হ’ল দেৱাশীষ গগৈৰ পৰিয়ালে ৷ 18 জন অভিযুক্তৰ 11 জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে আৰু 7 জনক নিৰ্দোষ বুলি ৰায় দিয়ে (Debasish Gogoi lynching) ৷

আদালতৰ ৰায়দানৰ পাচতেই উৎফুল্লিত হৈ পৰিছে দেৱাশীষৰ পিতৃ-মাতৃ (Mob killed youth at Mariani) ৷ কিন্তু সেই সময়ত চৰকাৰে দেৱাশীষ গগৈৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিৰ এটা প্ৰতিশ্ৰুতিও বৰ্তমানলৈকে পূৰণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে দেৱাশীষৰ পিতৃয়ে ৷ উল্লেখ্য যে, সেই সময়ত চৰকাৰে দেৱাশীষ গগৈৰ পৰিয়ালৰ এজন ব্যক্তিক সংস্থাপন দিয়া, গাভৰু অঞ্চলত দেৱাশীষৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা সদম্ভে ঘোষণা কৰিছিল যদিও এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ সেইবাবে এই প্ৰতিশ্ৰুতিসমূহ পুৰণৰ বাবে চৰকাৰক পুনৰ আহ্বান জনাইছে দেৱাশীষ গগৈৰ পিতৃ দেৱজিৎ গগৈয়ে ৷

লগতে পঢ়ক:দেৱাশীষ গগৈ হত্যাকাণ্ডঃ আদালতত দাখিল অভিযোগনামা

ABOUT THE AUTHOR

...view details