অসম

assam

Assam Agricultural University:ফিলিপাইনছলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ দল

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:50 PM IST

কৃষিৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ফিলিপাইনছলৈ যাত্ৰা কৰিব অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ এটা দলে ।

10 students from Assam Agricultural University to Philippines for research
১০ জনীয়া শিক্ষাৰ্থীৰ দল

যোৰহাট, ৩০ আগষ্ট : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উচ্চ শিক্ষা আৰু শেহতীয়া প্ৰযুক্তিগত জ্ঞান আহৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষার্থীৰ এটা দল বুধবাৰে ফিলিপাইনছলৈ ৰাওনা হৈছে । কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট কৃষি মহাবিদ্যালয়, বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু ধুবুৰীৰ শৰৎচন্দ্ৰ সিংহ মহাবিদ্যালয়ৰ পৰা মেধা ভিত্তিত নিৰ্বাচিত ১০ জনীয়া শিক্ষাৰ্থীৰ দলটোৱে ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত দুমাহজোৰা বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব ।

ধান খেতিৰ গৱেষণাৰ দিশত বিশেষ প্ৰশিক্ষণৰ লগতে শস্য চপোৱাৰ পাছত ল’বলগীয়া ব্যৱস্থাৱলীৰ উন্নত কাৰিকৰী কৌশল, কৃষি সম্প্ৰসাৰণৰ শেহতীয়া ধাৰা আৰু কৃষি উদ্যোগ তথা উদ্যোগ গঢ় দিয়াৰ বাবে বিশেষ প্রশিক্ষণ কার্যসূচীত অংশগ্রহণ তথা পৰিদৰ্শন কৰিব শিক্ষাৰ্থীসকলে । বিশ্ব বেংকৰ পুঁজিৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জৰিয়তে ৰূপায়িত ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্রকল্প (National Agricultural Higher Education Project (NAHEP))ৰ অধীনত হাতত লোৱা এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৫ গৰাকী, আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ২গৰাকী আৰু ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ মহাবিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থী আছে ।

শিক্ষাৰ্থী দলটোক যাত্ৰাৰ প্ৰাকমুহূৰ্তত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত নাহেপৰ সমন্বয়ক ড° কিশোৰ কুমাৰ শৰ্মাই আঁত ধৰা এক অনুষ্ঠানত উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা আৰু পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলো উপস্থিত থাকে ।

উল্লেখ্য যে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সুনাম থকা এখন বিশ্ববিদ্যালয় আৰু উক্ত বিশ্ববিদ্যালয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে কৃষক সমাজ আৰু অসম অৰ্থনীতি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে, বিশেষকৈ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত বিশ্ববিদ্যালয়খনৰ অৱদান উল্লেখনীয় ।

লগতে পঢ়ক :Nilmani Phookan:আপোনালোকে জানেন কাব্যঋষি নীলমণি ফুকনৰ অন্তিমটো ইচ্ছা কি আছিল ?

ABOUT THE AUTHOR

...view details