হোজাই, 22 জুলাই:শুকুৰবাৰে হোজাই ৰামকৃষ্ণ সেৱাশ্ৰমত যুৱ সন্মিলন অনুষ্ঠিত হয় Youth Conference in Hojai in line with Azadi Ka Amrit Mahotsav) । আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি হোজাই ৰামকৃষ্ণ সেৱাশ্ৰমত আয়োজিত যুৱ সন্মিলনখন পুৱা ন বজাৰ পৰা আৰম্ভ হয় ৷
এই সম্মিলনত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড" আমলেন্দু চক্ৰৱৰ্তী উপস্থিত থাকি যুগধর্মৰ বিষয়ে ভাষণ দিয়ে । যুৱ সম্মিলনখনত হোজাই আৰু নগাঁৱ জ’নৰ বহু যুৱক-যুৱতীয়ে নৃত্য, গীত, নাটক, যোগ ব্যায়াম, প্ৰাণায়াম, সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰে । এই সম্মিলনত ৰামকৃষ্ণ মিছন গুৱাহাটীৰ অপেশ্বৰানন্দ দেয় উপস্থিত থাকে ।