অসম

assam

ETV Bharat / state

গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ - MLA Siladitya Deb

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত গছপুলি ৰোপণ কৰে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে ৰাইজক উদ্দেশ্যি গছৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰখাৰ লগতে গছপুলি ৰোপণ কৰে ৷ কিন্তু পৰিতাপৰ বিষয় উক্ত অনুষ্ঠানত বিধায়ক গৰাকীয়ে কোনো সামাজিক দুৰত্ব বজাই নাৰাখি ৰাইজৰে সৈতে বাৰ্তালাপত অংশ লয় ৷

world environment day celebration by MLA Siladitya Deb hojai assam etv bharat news
বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ

By

Published : Jun 5, 2020, 4:11 PM IST

হোজাই, 5 জুন:বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে হোজাই জিলাৰ লংকা কিষাণ মৰ্চা,টাউন মণ্ডল আৰু জিলা বিজেপি যুৱ মৰ্চাই পৃথকে বিজয়াঘাট আৰু লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগণত গছপুলি ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজত বিভিন্ন গছপুলি বিতৰণ কৰে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ,লংকা আঞ্চলিক বন বিষয়া,জিলা বিজেপিৰ সভাপতিৰ উপৰিও দলটোৰ জিলা পৰ্যা‌য়ৰ একাংশ নেতা-কৰ্মী ৷

বিশ্ব পৰিৱেশ দিৱস পালন বিধায়ক শিলাদিত্য দেৱৰ

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে ৰাইজক উদ্দেশ্যি গছৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰখাৰ লগতে গছপুলি ৰোপণ কৰে ৷ কিন্তু পৰিতাপৰ বিষয় উক্ত অনুষ্ঠানত বিধায়ক গৰাকীয়ে কোনো সামাজিক দূৰত্ব বজাই নাৰাখি ৰাইজৰে সৈতে বাৰ্তালাপত অংশ লয় ৷

লগতে চাওকঃৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে পালন বিশ্ব পৰিৱেশ দিৱস

ABOUT THE AUTHOR

...view details