অসম

assam

ETV Bharat / state

বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকাত উদ্ধাৰ শিশু শ্ৰমিক - World anti-labour day

বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকা বাছ ষ্টেণ্ডৰ সমীপৰ গেলামাল দোকানৰ পৰা দুজন শিশু শ্ৰমিক,এনেৰিয়া পথৰ হোটেল এখনৰ পৰা এজন শিশু শ্ৰমিক আৰু পথৰ ওপৰত ভঙা-চিঙা বিচাৰি ফূৰা দুজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে দলটোৱে ৷

World anti-labour day at Hojai
বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকাত উদ্ধাৰ শিশু শ্ৰমিক

By

Published : Jun 12, 2020, 6:49 PM IST

হোজাই, 12 জুন : আজি বিশ্ব শ্ৰমিক বিৰোধী দিৱস । দিনটোৰ লগত সংগতি ৰাখি শুকুৰবাৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাই উকীল সন্থা আৰু চাইল্ড লাইনৰ সহযোগত ৰাইজৰ মাজত শিশু শ্ৰমিক নিয়োগ কৰাৰ বিৰুদ্ধে এক সজাগতা অনাৰ প্ৰয়াস কৰে কৰ্মীসকলে। লংকা চহৰৰ বিভিন্ন প্ৰান্তত শ্ৰমিক সজাগতাৰ ওপৰত লিফলেট বিতৰণ কৰাৰ লগতে সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠানত গৈ শ্ৰমিক বিৰোধী সন্দৰ্ভত মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰে সংগঠন কেইটাৰ কৰ্মীসকলে ৷

বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকাত উদ্ধাৰ শিশু শ্ৰমিক

আনহাতে বিশ্ব শ্ৰমিক বিৰোধী দিৱসৰ দিনাই লংকা বাছ ষ্টেণ্ডৰ সমীপৰ গেলামাল দোকানৰ পৰা দুজন শিশু শ্ৰমিক,এনেৰিয়া পথৰ হোটেল এখনৰ পৰা এজন শিশু শ্ৰমিক আৰু পথৰ ওপৰত ভঙা-চিঙা বিচাৰি ফূৰা দুজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে দলটোৱে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত গোলাবৰ্ষণ পাক সেনাৰ

উদ্ধাৰ কৰা পাঁচ জন শিশু শ্ৰমিকক লংকা আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয়। আনহাতে উক্ত সজাগতা অনুষ্ঠানত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ বিষয়া প্ৰণিতা মৰাং,জিলা উকীল সন্থাৰ সভানেত্ৰী ৰুহিনা উৱাৰিছ,সম্পাদক অমৰ জ্যোতি শ‌ইকীয়া,চাইল্ড লাইনৰ মিন্তু শৰ্মা আৰু লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details