হোজাই, ১৩ জুন :নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভিন্ন প্ৰান্তত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বিজেপি(BJP)শাসনলৈ আহিলে মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰি দিব । এই প্ৰতিশ্ৰুতিৰ পিছতে মহিলাসকলৰ মুখত হাঁহি বিৰিঙি উঠিছিল । কিন্তু শেহতীয়াকৈ মাইক্ৰ'ফাইনেন্স (Microfinance) ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে কৰা ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ।
অসমৰ বিভিন্ন প্ৰান্তত মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । দেওবাৰেও লংকাৰ কাৰিখানাৰ শতাধিক মহিলা ৰাজপথলৈ ওলাই আহিল । বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দাবী জনাই মহিলাসকলে ।