হোজাই, 24 মেঃ হোজাইত বন্যহস্তীৰ তাণ্ডৱ ৷ শনিবাৰে নিশা হোজাইৰ বিষ্ণুপুৰ, চন্দনপুৰ, কছাৰীগাঁও আদি অঞ্চলত উপদ্ৰৱ চলাই বন্যহস্তীয়ে । বন্যহস্তীৰ জাকে বিষ্ণুপুৰ গাঁৱত প্ৰৱেশ কৰি তিনিটাকৈ বাসগৃহ তথা ভড়াল গৃহৰ ক্ষতিসাধন কৰাৰ লগতে এখন গেলামালৰ দোকানৰো বিস্তৰ ক্ষতি কৰে । দোকান ঘৰৰ দুয়ো ফালৰ বেৰ ভাঙি প্ৰায় ১৭-১৮ হেজাৰ টকাৰ সামগ্ৰী লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে ।
হোজাইত বন্যহস্তীৰ তাণ্ডৱ, বিস্তৰ ক্ষতিসাধন - বিস্তৰ ক্ষতিসাধন
বন্যহস্তীৰ জাকে বিষ্ণুপুৰ গাঁৱত প্ৰৱেশ কৰি তিনিটাকৈ বাসগৃহ তথা ভড়াল গৃহৰ ক্ষতিসাধন কৰাৰ লগতে এখন গেলামালৰ দোকানৰো বিস্তৰ ক্ষতি কৰে । দোকান ঘৰৰ দুয়ো ফালৰ বেৰ ভাঙি প্ৰায় ১৭-১৮ হেজাৰ টকাৰ সামগ্ৰী লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকটোৱে ।
![হোজাইত বন্যহস্তীৰ তাণ্ডৱ, বিস্তৰ ক্ষতিসাধন Wild elephant's attack at Hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7325503-thumbnail-3x2-h.jpg)
হোজাইত বন্যহস্তীৰ তাণ্ডৱ
হোজাইত বন্যহস্তীৰ তাণ্ডৱ
আনহাতে, নিশাই ঘটনা সন্দৰ্ভত বন বিভাগৰ আলি উপাধিৰ এগৰাকী বিষয়াক স্থানীয় ৰাইজে অৱগত কৰিছিল যদিও তেখেত ছুটীত থকা বুলি কৈ গৃহস্থক ঘৰটোৰ ফটো তুলি ৰাখিবলৈ কয় । বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । উল্লেখ্য যে, হোজাইৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰতিনিশা বন্যহস্তীয়ে চলাই আহিছে ধ্বংসলীলা । যাৰবাবে এতিয়া বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে ।
লগতে পঢ়ক- ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ