হোজাই, 5 আগষ্ট : হস্তী-মানুহৰ সংঘাত অসমৰ বাবে কোনো নতুন কথা নহয় ৷ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চলত বছৰৰ প্ৰায় সকলো সময়তে বন্যহস্তীয়ে বিচৰণ কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ নগাঁও, গোলাঘাট, গোৱালপাৰা, ওদালগুৰি, তিনিচুকীয়া আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অধিক দেখা যায় ৷ ইয়াৰ মাজতে বুধবাৰে নিশা খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা তিনিটাকৈ হাতীয়ে উদালীৰ দক্ষিণ জাৰণী গাঁৱত চলালে উপদ্ৰৱ ৷
জাৰণী গাঁৱৰ ফৰিজ নামৰ লোকজনৰ আবাস গৃহ,পাকঘৰৰ বয়-বস্তু হাতীয়ে লণ্ডভণ্ড কৰাৰ লগতে ভঁৰাল ভাঙি ধান খাই বিস্তৰ অনিষ্ট সাধন কৰে ৷ ফৰিজ বন বিভাগৰ চতুর্থ বৰ্গৰ চাকৰিত নিয়েজিত অস্থায়ী কৰ্মচাৰী ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত নিশাই গাঁওৰক্ষী বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে জুই, জোং লৈ হাতী খেদিবলৈ সক্ষম হয় ৷ আনহাতে পুৱা ভাগত উক্ত অঞ্চলটোত লংকা বন বিভাগৰ লোক উপস্থিত হৈ সামগ্ৰিক অঞ্চলটো পৰিদৰ্শন কৰে ৷
বন বিভাগৰ অমনোযোগিতাৰ বাবেই অঞ্চলটোত সঘনে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷