অসম

assam

ETV Bharat / state

চিকিৎসকক আক্ৰমণকাৰীক কঠোৰ সকীয়নি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - উদালী ক’ভিড কেয়াৰ কেন্দ্ৰ

গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাইছে কেৱল প্ৰহাৰ কৰিছিল কৰ্তব্যৰত চিকিৎসকজনক । ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ ভিতৰৰ পৰা প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই আনি মাটিত পেলাই আক্ৰমণ কৰিছিল চিকিৎসকজনক ।

হোজাইত চিকিৎসক ডাঃ সেউজ সেনাপতিৰ লগত প্ৰকৃততে কি হৈছিল !
হোজাইত চিকিৎসক ডাঃ সেউজ সেনাপতিৰ লগত প্ৰকৃততে কি হৈছিল !

By

Published : Jun 2, 2021, 9:43 PM IST

Updated : Jun 2, 2021, 10:47 PM IST

হোজাই, 2 জুন : মঙলবাৰে হোজাই জিলাত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হয় লংকাকাণ্ড । গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাইছে কেৱল প্ৰহাৰ কৰিছিল কৰ্তব্যৰত চিকিৎসকজনক ।

ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ ভিতৰৰ পৰা প্ৰহাৰ কৰি বাহিৰলৈ উলিয়াই আনি মাটিত পেলাই আক্ৰমণ কৰা হৈছিল ডাঃ সেউজ সেনাপতিক । উন্মাদ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল উদালী ক’ভিড কেয়াৰ কেন্দ্ৰৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতি ।

তাৰ পাচতে ক’ভিড-১৯ ৰ এই ভয়াৱহ সময়ত সৰ্বস্ব ত্যাগ কৰি ক’ভিড আক্ৰান্তৰ সেৱাত নিয়োজিত হৈ একাংশ লোকৰ আক্ৰমণত আহত হোৱা চিকিৎসক সেউজ সেনাপতিক প্ৰথমে ভৰ্তি কৰোৱা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । ইপিনে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ডাঃ সেউজ সেনাপতিক ৷

হোজাইত চিকিৎসক ডাঃ সেউজ সেনাপতিৰ লগত প্ৰকৃততে কি হৈছিল !

ইপিনে একাংশ লোকৰ প্ৰহাৰত আহত চিকিৎসক সেউজ সেনাপতিৰ স্বাস্থ্যৰ বুজ ল’বলৈ নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নিশাই চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকজনৰ স্বাস্থ্যৰ অৱস্থাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় ।

ইয়াৰ পিছতেই চিকিৎসক স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হুংকাৰ । কৰ্তব্যৰত অৱস্থাত চিকিৎসক সেউজ সেনাপতিক নির্মমভাৱে প্ৰহাৰ কৰা ঘটনাত জড়িত কোনো এজনো ব্যক্তি সাৰি যাব নোৱাৰে বুলিও একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই । লগতে আহত চিকিৎসকজনৰ চিকিৎসাৰ সকলো দায়িত্ব চৰকাৰে বহন কৰিব বুলিও উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

ইফালে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা চিকিৎসক সেউজ সেনাপতিক উন্নত চিকিৎসাৰ বাবে নিশাই প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ । ক’ভিড-১৯ ভয়াৱহতাৰ মাজতে চিকিৎসা প্ৰদান কৰা চিকিৎসকক প্ৰহাৰ কৰা ঘটনা সংঘটিত হোৱাৰ পিছতো জাঙুৰ খাই উঠিছে ৰাজ্যৰ চিকিৎসকসকলৰ লগতে বিভিন্ন দল সংগঠন । এই জঘন্য ঘটনাৰ সৈতে জড়িত আটাইকেইটা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে চিকিৎসক, স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সকলোৱে ।

ইফালে চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত 24 টা অভিযুক্ত ইতিমধ্যেই আটক কৰিছে হোজাই আৰক্ষীয়ে । সম্প্ৰতি অভিযুক্তক কেইটাক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে । চিকিৎসক নিগ্ৰহৰ বলি হোৱা সেউজ সেনাপতিয়ে প্ৰথম গৰাকী চিকিৎসক নহয় ৷ ইয়াৰ পূৰ্ৱেও 2019 চনৰ 31 আগষ্টত তীয়ক চাহ বাগিচাত এডল উন্মাদ লোকৰ জিঘাংসাৰ বলি হৈছিল ডাঃ দেৱন দত্ত নামৰ এজন জ্যেষ্ঠ চিকিৎসক ৷

আকৌ চিকিৎসক সেউজ সেনাপতিৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই উত্থাপন হৈছে বহু প্ৰশ্নৰ । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত হ'ব কেতিয়া ? ইতিমধ্যে অমানৱীয় এই লংকাকাণ্ডক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতিবাদৰ ৷

লগতে পঢ়কঃ হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

Last Updated : Jun 2, 2021, 10:47 PM IST

ABOUT THE AUTHOR

...view details