অসম

assam

ETV Bharat / state

Assam fraud customer: গ্ৰাহকৰ প্ৰবঞ্চনাৰ বলি হৈ নাৰ্ছাৰীৰ স্বত্বাধিকাৰীৰ আত্মহত্যাৰ হুংকাৰ - Assam fraud customer

পশ্চিম বংগত অসমৰ গ্ৰাহকৰ উদ্ভণ্ডালি ৷ পশ্চিমবংৰ ৰুমা এন্টাৰপ্ৰাইজ নামৰ নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী আব্দুল মন্নান মণ্ডল নামৰ লোকজনৰ পৰা মুঠ ৬,২৭,০০০ টকাৰ আম গছৰ পুলি ক্ৰয় কৰি ধন পৰিশোধ নকৰিলে অসমৰ গ্ৰাহকে (West Bengal nursery owner falls prey)৷

West Bengal nursery owner falls prey to customer fraud in Assam
গ্ৰাহকৰ প্ৰবঞ্চনাৰ বলি হৈ নাৰ্ছাৰীৰ স্বাত্বধিকাৰীৰ আত্মহত্যাৰ হুংকাৰ

By

Published : Feb 7, 2023, 6:27 PM IST

গ্ৰাহকৰ প্ৰবঞ্চনাৰ বলি হৈ নাৰ্ছাৰীৰ স্বাত্বধিকাৰীৰ আত্মহত্যাৰ হুংকাৰ

হোজাই, 7 জানুৱাৰী: "মোৰ প্ৰাপ্য টকাকেইটা নাপালে মোৰ ল’ৰা ছোৱালীকেইটাই পেটত গামোচা বান্ধিব লাগিব ৷ মোৰ চলিবলৈ বহুত কষ্ট হৈছে, মই মোৰ টকাকেইটা নাপালে আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য হ’ম ৷" অসমৰ গ্ৰাহকৰ প্ৰবঞ্চনাৰ বলি হৈ হোজাইত পশ্চিমবংগৰ নাৰ্ছাৰী ব্যৱসায়ীয়ে এই মন্তব্য কৰে ৷ কেমেৰাৰ সন্মুখতেই কান্দোনত ভাগি পৰে পশ্চিমবংগৰ ব্যৱসায়ী আব্দুল মন্নান মণ্ডল ৷

আপুনি নাৰ্ছাৰীৰ ব্যৱসায় কৰে নেকি, যদি কৰে তেনেহলে সাৱধান হওক (Assam fraud customer)৷ আপুনিও বলি হ’ব পাৰে প্ৰৱঞ্চকৰ ৷ হোজাইত উপস্থিত হ’লহি প্ৰবঞ্চনাৰ বলি হোৱা পশ্চিমবংগৰ ব্যৱসায়ী (West Bengal nursery owner falls prey) ৷

ঘটনা অনুসৰি হোজাইৰ উদালীস্থিত এখন নাৰ্ছাৰী স্বত্বাধিকাৰী মুজ্জামিল নামৰ ব্যক্তিগৰাকীয়ে পশ্চিমবংৰ ৰুমা এন্টাৰপ্ৰাইজ নামৰ নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী আব্দুল মন্নান মণ্ডল নামৰ লোকজনৰ পৰা মুঠ ৬,২৭,০০০ টকাৰ আম গছৰ পুলি ক্ৰয় কৰিছিল ৷ কিন্তু মুজ্জামিলে গছ পুলি ক্ৰয় কৰাৰ বাবদ দিবলগীয়া ধন পৰিশোধ নকৰি এখন 50 হাজাৰ টকাৰ চেক লোকজনক প্ৰদান কৰি থৈ আহে ৷ মুজ্জামিলে ব্যৱসায়ীগৰাকীক আমিনা খাতুন নামৰ মহিলাগৰাকীৰ বেংক একাউণ্টৰ নামেৰে চেকখন প্ৰদান কৰিছিল ৷

তাৰ পিচতে মণ্ডলে বেংকত চেকখন জমা দিওঁতেই চেকখন বাউঞ্চ হয় ৷ পুনৰবাৰ চেকখন বেংকত জমা দিয়াত একেই ফলাফল ওলোৱাত বিপাঙত পৰে লোকজন ৷ বাউঞ্চ চেক দেখি বিমোৰত পৰি আব্দুলে পশ্চিমবংগৰ পৰা উদালিলৈ আহি মুজ্জামিলৰ সন্ধান কৰে ৷

হোজাইৰ ভালেকেইজন স্থানীয় নাৰ্ছাৰীৰ স্বত্বাধিকাৰীৰ লগত তেওঁ মুজ্জামিলক বিচাৰি কথা পাতে যদিও কোনো শুংসূত্ৰ নাপায় ৷ অৱশেষত উপাই নাপায় হোজাইৰ উদালী আৰক্ষী পহৰা চকীত উপস্থিত হৈ পশ্চিমবংগৰ পৰা অহা নাৰ্ছাৰীৰ স্বত্বাধিকাৰীগৰাকীয়ে এক গোচৰ ৰুজু কৰিছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত উদালী আৰক্ষীয়ে স্বত্বাধিকাৰীজনক (FIR Against Fraud customer) ন্যায় প্ৰদান কৰে নে নাই সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক:Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details