হোজাই,১৪ জুন :হোজাই জিলাৰ লামডিঙত অনুষ্ঠিত হৈছে ভাৰোত্তোলন আৰু পাঞ্জা প্ৰতিযোগিতা (Weightlifting and arm wrestling competition in Lumding)। জিলাখনৰ ভাৰোত্তোলন সন্থা আৰু লামডিং লিঅ'পাৰ্ড জীমৰ উদ্যোগত লামডিঙ ৰে'লৱে ইনষ্টিটিউটত অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় (Weightlifting competition in Lumding Railway Institute)।
উক্ত প্ৰতিযোগিতাত হোজাই, শিৱসাগৰ, বাক্সা, নগাঁও, কামৰূপ মেট্ৰ’কে ধৰি অসমৰ মুঠ ৭ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ ভাৰোত্তোলন আৰু পাঞ্জা ক্ৰীড়া প্ৰতিযোগিতাখনৰ বিভিন্ন শাখাত পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷ ৭০ ৰো অধিক খেলুৱৈয়ে ভাগ লয় এই প্ৰতিযোগিতাত ৷ বিগত বহু বছৰৰ অন্তত লামডিঙত পুনৰ অসম ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত লামডিঙৰ খেলুৱৈসকলৰ লগতে ৰাইজো উৎফুল্লিত হোৱা দেখা গৈছে ।
প্ৰতিযোগিতাত বিচাৰক তথা ৰেফাৰী হিচাপে থাকে অসম ক্ৰীড়া ভাৰোত্তোলন সন্থাৰ নেতৃবৃন্দ ৷ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে কামৰূপৰ আদিত্য জ্যোতি শইকীয়াই আৰু মহিলাৰ শাখাত ষ্ট্ৰং অ’মেন খিতাপ অৰ্জন কৰে লামডিঙৰ ৰিয়া ওৰফে বেবী সাহাই ৷ আনফালে পাঞ্জা প্ৰতিযোগিতাত ষ্ট্ৰং মেন খিতাপ অৰ্জন কৰে গুৱাহাটীৰ বিশ্বজিৎ দলেয়ে আৰু মহিলা শাখাত ষ্ট্ৰং অ’মেন খিতাপ অৰ্জন কৰে নগাঁৱৰ কাশ্মিৰী কাশ্যপে ৷