হোজাই, 21 ফেব্ৰুৱাৰী: লংকা আৰক্ষীৰ বৃহৎ সফলতা ৷ গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লংকা আৰক্ষী থানাৰ ক্ষেত্ৰ পৰিদৰ্শক বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লংকাৰ ৰংমহলা অঞ্চলৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কণ্টেনাৰ ভৰ্তি ট্ৰাকৰ পৰা ৪০ পেকেট গাঞ্জা জব্দ কৰে ৷
হোজাইত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ - হোজাই গাঞ্জা জব্দ
লংকাৰ ৰংমহল অঞ্চলৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কণ্টেনাৰ ভৰ্তি ট্ৰাকৰ পৰা জব্দ প্ৰায় 12 লাখ টকা মূল্যৰ গাঞ্জা ৷ লংকা আৰক্ষী থানাৰ ক্ষেত্ৰ পৰিদৰ্শক বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত অভিযান চলাই আৰক্ষীৰ দলে জব্দ কৰে গাঞ্জাখিনি ৷
![হোজাইত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ as_hojai_weed-seized-of-rupees-12-lakh-at-lanka_vis_as10015](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10713627-thumbnail-3x2-h.jpg)
হোজাইৰ ৰংমহলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
হোজাইৰ ৰংমহলাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য 12 লক্ষাধিক টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে । HR-38-Q-8475 নম্বৰৰ ট্ৰাকখনৰ গোপন কেবিনত গাঞ্জাখিনি লুকুৱাই আনিছিল চোৰাং ব্যৱসায়ীয়ে । ইয়াৰ লগতে বাহনখন আৰু বাহন চালক ট্ৰাক চালক সতীশ শৰ্মাকো আটক কৰে আৰক্ষীয়ে । বৰ্তমানে লংকা আৰক্ষীৰ জিম্মাতে আছে জব্দ কৃত গাঞ্জাখিনি ৷