হোজাই,2 ফেব্ৰুৱাৰী:অসমত নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ লগে লগে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে বয়োজ্যেষ্ঠ, ক'ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ্থে পোষ্টেল বেলটৰ সুবিধা প্ৰৱৰ্তন কৰিছে। মঙলবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত সদনেক সিঙে পোষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকল আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এই বিশেষ বেলটৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জনায় ।
জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত ৮০ৰ উৰ্দ্ধৰ ভোটাৰ হৈছে ১১হাজাৰ ৩৮৭জন ৷ ইয়াৰ ভিতৰত ৯০ নং যমুনামুখ সমষ্টিত ২ হাজাৰ ৭৮০ জন ,৯১ নং হোজাই সমষ্টিত ৫ হাজাৰ ১৯১ জন আৰু ৯২ নং লামডিং বিধানসভা সমষ্টিত ৩ হাজাৰ ৫১৬ গৰাকী ভোটাৰ আছে । একেদৰে হোজাই জিলাত বিশেষভাৱে সক্ষম ভোটাৰ হৈছে ২ হাজাৰ ৫৭৬জন । ইয়াৰ ভিতৰত যমুনামুখ সমষ্টিত ৯৯৪ জন ,হোজাই সমষ্টিত ১০৪৭ জন আৰু লামডিং সমষ্টিত ৫৩৫ জন ৷