অসম

assam

হোজাই আৰু নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 9, 2021, 6:59 PM IST

জম্মু-কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাবাদীৰ দ্বাৰা হিন্দু ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷ হোজাই আৰু নলবাৰী জিলাটো দেখিবলৈ পোৱা সংগঠন দুটাৰ উত্তাল প্ৰতিবাদ ৷

হোজাই আৰু নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ উত্তাল প্ৰতিবাদ
হোজাই আৰু নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ উত্তাল প্ৰতিবাদ

নলবাৰী, হোজাই, 9অক্টোবৰঃজম্মু-কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাবাদীৰ দ্বাৰা হিন্দু ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠন দুয়োটাই ৷ নলবাৰী আৰু হোজাইটো এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ৷

সেই অনুসৰি নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলে ধৰ্ণা কাৰ্যসূচী হাতত লয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ মন্ত্ৰী অনুপ দাস আৰু বজৰং দল নলবাৰী জিলাৰ সংযোজক জিতু মনি কলিতাৰ লগতে সংগঠনৰ কাৰ্যকৰ্তা ৷

হোজাই আৰু নলবাৰীত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ উত্তাল প্ৰতিবাদ

আনহাতে বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক জিতু মনি কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, হিন্দুৰ ওপৰত হোৱা এই বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহ’ব আৰু এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে গণতান্ত্ৰিক ভাৱে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তুলা হ’ব ৷

একেদৰে হোজাই চহৰৰ মাজমজিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ শতাধিক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পাকিস্তানৰ পতাকা দাহ কৰে । প্ৰতিবাদী দুয়োটা সংগঠনৰ কৰ্মীসকলে জেহাদী মৌলবাদী হুচিয়াৰ, পাকিস্তান মুৰ্দাবাদ, হিন্দু হত্যাকাৰী হুচিয়াৰ ধ্বনি দি মৌলবাদী সংগঠন সমূহক জেহাদী কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনায় ।

লগতে পঢ়কঃ অসম বিধানসভাৰ উপ নিৰ্বাচন: পাঁচটা সমষ্টিত ৩৯ গৰাকী প্ৰার্থীৰ মনোনয়ন দাখিল

ABOUT THE AUTHOR

...view details