অসম

assam

দেওৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ

By

Published : Oct 19, 2021, 4:24 PM IST

Updated : Oct 21, 2021, 5:02 PM IST

এইবাৰ হোজাইত সংঘটিত হৈছে আন এক হিংসাত্মক ঘটনা ৷ ঘটনা অনুসৰি হোজাই জিলাৰ নীলবাগানত এখন ৰাজহুৱা বিচাৰ চলি থকাৰ মাজতে চোকা অস্ত্ৰৰে এগৰাকী মহিলাৰ মূৰ ফালিলে আত্মীয়ই ৷

দেওৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ
দেওৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ

হোজাই, 19 অক্টোবৰ:ৰাজ্যত দিনকে দিনে অপৰাধ জনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ইটোৰ পাছত সিটো হিংসাত্মক ঘটনা ৷ এইবাৰ হোজাইত সংঘটিত হ’ল আন এক হিংসাত্মক ঘটনা ৷ ঘটনা অনুসৰি হোজাই জিলাৰ নীলবাগানত এখন ৰাজহুৱা বিচাৰ চলি থকাৰ মাজতে চোকা অস্ত্ৰৰে মূৰ ফালিলে আত্মীয়ই ৷

উল্লেখযোগ্য যে, দেওৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ ৷ যি ঘটনাই এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিৰ ফলতে এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, বিগত 4 অক্টোবৰৰ নিশা নীলবাগনত পৰিয়ালটোৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক সংঘাত ৷

দেওৰেকে দাৰে ঘপিয়াই মূৰ ফালিলে নবৌৱেকৰ

সেই সংঘাতৰে ৰাজহুৱা বিচাৰ চলি থকাৰ সময়তে বিবাদিত পৰিয়াল দুটাৰ মাজত পুনৰ মাৰপিট লাগে ৷ ইপিনে মাৰপিটত বাধা দিবলৈ যোৱা এগৰাকী মহিলাক নিজ দেওৰেক শ্বৰিফ উদ্দিনে আকস্মিকভাৱে দাৰে ঘপিয়াই মূৰত কৰিলে আঘাত ৷

সম্প্ৰতি সমগ্ৰ ঘটনাৰ সংক্ৰান্তত মোৰাঝাৰ থানাত 561/2021 নং গোচৰৰ অধীনত 326/506/34 IPC ধাৰাৰে ৰুজু হৈছে এটা গোচৰ ৷ ইপিনে হোজাই আৰক্ষীয়ে এই ঘটনাটোক লৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ সেয়েহে ভুক্তভোগী মহিলা গৰাকীয়ে উপায়ন্তৰ হৈ হোজাই আৰক্ষী অধীক্ষকৰ কাষ চাপি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়কঃ অসম-বংগ সীমান্তত গৰুসহ আটক গো-মাফিয়া

Last Updated : Oct 21, 2021, 5:02 PM IST

ABOUT THE AUTHOR

...view details