হোজাই,8 অক্টোবৰ: হোজাইৰ জিলাৰ অন্তৰ্গত ৰামপুৰ বস্তিৰ ৮নং ৱাৰ্ডত শুক্ৰবাৰে নিশা এটি মৃতদেহক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Heated situation over the deadbody) ৷ বিধ্বস্ত পথৰ বাবে চিকিৎসালয়লৈ লৈ যাব নোৱাৰাৰ ফলতেই মৃত্যু ঘটে এগৰাকী লোকৰ ৷ ঢলপুখুৰী উন্নয়ন খণ্ডৰ অধীনৰ ৮নং ৱাৰ্ডৰ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পাছতো পথছোৱা মেৰামতিৰ বাবে আগবাঢ়ি নাহিল জনপ্ৰতিনিধি তথা কোনো চৰকাৰী বিভাগ ৷
যাৰ ফলত মৃত্যুমুখত পৰিল ৱাৰ্ডটোৰ এগৰাকী ৰুগীয়া ব্যক্তি ৷ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে তিনিমাহ পূৰ্বেই অনুমোদন লাভ কৰিছে যদিও পঞ্চায়ত সভানেত্ৰী ৰেণুমাই চৌহানে আজিকোপতি বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ৷ যাৰ বাবে চিকিৎসাবিহীনভাৱে মৃত্যুমুখত পৰিল ধ্ৰুৱ চৌহান নামৰ ব্যক্তিগৰাকী ৷