হোজাই, ১৩ ফেব্ৰুৱাৰীঃ ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হোজাইৰ দক্ষিণ বিদ্যানগৰৰ পৰা টুম্পপ্ৰেং ৰোধ সংযোগী পথ ছোৱা নিৰ্মানৰ বাবে আবন্টিত হৈছিল প্ৰায় ৭ কোটি টকা । মাত্ৰ ৯৯০ মিটাৰ এই পথছোৱা নিৰ্মাণৰ বাবে বৃহৎ ধন ৰাশি আবন্টন দিয়াৰ পাছতো ঠিকাদাৰ গোপাল পালৰ বিৰুদ্ধে উত্থাপিত হৈছে লুণ্ঠনৰ অভিযোগ ।
পথচোৱাৰ নিৰ্মাণত মাটি ,শিল ,ৰাবিজৰ মাত্ৰা একেবাৰে নূন্যতম পৰিমানে ব্যৱহাৰ কৰাৰ লগতে পথৰ দুয়োকাষে লগোৱা নাই কোনো ছাইড বাম । ইয়াৰ লগতে ৰাস্তাৰ মাজত নিৰ্মান কৰা কালভাৰ্ট দুদিন উকলি যোৱাৰ পিচতে মেলিছে বৃহৎ ফাট । ইয়াৰ লগতে কালভাৰ্টৰ তলৰ অংশত দিবলগীয়া বল্ডাৰৰো কোনো চিনচাব নাই । পুৰণি ইটা পৰিষ্কাৰ কৰি তাক ব্যৱহাৰ কৰা হৈছে কালভাৰ্টত । আনহাতে কামৰ তদাৰকী বিয়াগোম গড়কাপ্তানী বিভাগৰ অভিযন্তাগৰাকীৰ বিৰুদ্ধেও উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । কামৰ তদাৰক কৰিবলৈ কোনোদিনে নাহিল অভিযন্তাগৰাকী । চৰকাৰী ধনৰ এইদৰে শৰাধ পাতি এতিয়া একাংশ চৰকাৰী বিষয়াই ঠিকাদাৰৰে সৈতে মিলি গড়কাপ্তানি বিভাগত এইদৰেই চলাই আছে লুন্ঠনৰাজ ।