হোজাই, 4 আগষ্ট:ৰেলনগৰীত ব্যৱসায়ী সকলক COVID ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাৰচেন্ট এচচিয়েছন লামডিঙ (MERCHANTS ASSOCIATION LUMDING) ৰ বিশেষ পদক্ষেপ ৷ বুধবাৰে পুৱাৰে পৰা ৰেলনগৰী লামডিং মাৰচেন্ট এচচিয়েছনৰ ফালৰ পৰা বিনামূলীয়াকৈ 200 গৰাকী লোকক প্ৰদান কৰা হয় ভেকচিন । ৰাজ্য চৰকাৰে প্ৰতিদিনে 3 লাখ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে চলাই গৈছে বৰ্ধিত টীকাকৰণ অভিযান । এই অভিযানৰ লগত সংগতি ৰাখি লামডিং বজাৰত থকা ব্যৱসায়ী সকলক বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয় ।
মাৰচেন্ট এচচিয়েছন লামডিঙ (MERCHANTS ASSOCIATION LUMDING) আৰু লামডিং এফ. আৰ.ইউ (FRU) ৰ সহযোগত বিনামূলীয়া ভেকচিন লোৱাৰ ক্ষেত্ৰত লামডিঙত ব্যৱসায় কৰা 45 বছৰৰ উৰ্দ্ধৰ লোক সকলে COVID ভেকচিন গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ভেকচিনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল লামডিঙৰ ব্যৱসায়ী সকল । লগতে যি সকল ব্যৱসায়ীয়ে স্মাৰ্ট ফোনৰ অভাৱত ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰি ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত সম্মুখীন হ'বলগীয়া হৈছিল অসুবিধাৰ ৷ সেয়েহে ব্যৱসায়ী সকলৰ এই অসুবিধা দূৰ কৰি ভেকচিন গ্ৰহণৰ সুবিধা কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে লামডিং মাৰচেন্ট এচচিয়েছন (MERCHANTS ASSOCIATION LAMDING) ৰ কাৰ্য্যকৰ্তা সকলে। মাৰচেন্ট এচচিয়েছনৰ এনে পদক্ষেপক শলাগ ল’লে লামডিং বাসী ৰাইজেও ৷