হোজাই,৬ জুন :ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে হোজাই জিলাত মুকলি ক'ভিড প্ৰতিষেধক কেন্দ্ৰ । লংকা সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত গোসাঁই গাঁৱত মুকলি কৰা হয় উক্ত ক'ভিড কেন্দ্ৰটো । গাঁওখনৰ শ্ৰীশ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত মুকলি কৰা এই কেন্দ্ৰত ৪৫ৰ ঊৰ্ধৰ ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক ।
হোজাইত সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত মুকলি প্ৰতিষেধক কেন্দ্ৰ
লংকা সাংবাদিক সন্থাৰ ব্যৱস্থাপনাত গোসাঁইগাঁৱত মুকলি কৰা হয় উক্ত ক'ভিড কেন্দ্ৰটো । গাঁওখনৰ শ্ৰীশ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত মুকলি কৰা এই কেন্দ্ৰত ৪৫ৰ উৰ্ধৰ ব্যক্তি গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক ।
প্ৰতিষেধক কেন্দ্ৰ
পুৱা লংকা স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া হৰজগিন্দৰ সিঙে কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে । ইয়াৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ চৌহদত গছপুলি ৰোপণ কৰা লগতে বয়োজ্যেষ্ঠ লোকৰ মাজত গছপুলি বিতৰণ কৰা হয় ।
উদ্বোধনী অনুষ্ঠানত হোজাই জিলাৰ ভেকচিন প্ৰতিষেধকৰ দায়িত্বত থকা ডা:ৰঞ্জু ৰাজখোৱাৰ লগতে জেষ্ঠ সাংবাদিক শিবু শৰ্মা আৰু লংকা সাংবাদিক সন্থাৰ বিষয়-ববীয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক:বৰপেটা চহৰত ক’ভিড যোদ্ধাৰ মাজত খাদ্য বিতৰণ