অসম

assam

ETV Bharat / state

হোজাই মাটিখোলাত অচিনাক্ত মৃত দেহ উদ্ধাৰ - Unrecognized dead body recovered at hojai

মোৰাঝাৰ থানাৰ অন্তৰ্গত মাটিখোলা শ্লুইচগেটত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ ৷ মোৰাঝাৰ আৰক্ষীয়ে মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Unrecognized dead body recovered at hojai
হোজাই মাটিখোলাত অচিনাক্ত মৃত দেহ উদ্ধাৰ

By

Published : Jan 17, 2021, 9:25 PM IST

হোজাই, 17 জানুৱাৰী : হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত মাটিখোলা শ্লুইচ গেটত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । শ্লুইচ গেটৰ কাষৰ নলাৰ পানীত ওপঙি থকাৰ অৱস্থাত পথাৰলৈ যোৱা এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পিচতে মোৰাঝাৰ থানাত অৱগত কৰাত আৰক্ষী উপস্থিত হৈ মৃত দেহতো উদ্ধাৰ কৰে ।

মৃত দেহতো মোৰাঝাৰ আৰক্ষী আৰু স্থানীয় ৰাইজে চিনাক্ত কৰিব নোৱাৰাত কোনোবা লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ মোৰাঝাৰ আৰক্ষীয়ে মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ চূড়ান্ত ইংগিত

ABOUT THE AUTHOR

...view details