হোজাই, 18 জুনঃ পশ্চিম কাৰ্বিআংলঙৰ খেৰণি হাই স্কুল কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন লোকসকলৰ এক ব্যতিক্ৰমী চেষ্টা। কোৱাৰেন্টাইনত থকা লোকসকলে বিদ্যালয়খন হাবি-জংঘল চাফ-চিকুণ কৰাৰ লগতে ৰুলে বহু ফুলৰ গছপুলি ৷
খেৰণিত হাইস্কুলৰ পৰিৱেশ সলনি কৰিলে কোৱাৰেন্টাইন লোকে ! - পশ্চিম কাৰ্বি আংলং খেৰণি হাই স্কুল
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি হাই স্কুল কোৱাৰেন্টাইন কেন্দ্ৰৰ কোৱাৰেন্টাইন লোকসকল অন্য কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক সকলতকৈ পৃথক ৷ কাৰণ বিদ্যালয় খনৰ বাবে সকলোৱে উঠি পৰি হাতে কামে লাগিছে ৷ কোনেৱে যদি বিদ্যালয়খন চাফা- চিকুণ কৰিছে আন কোনোৱে আকৌ গছ-পুলি ৰোপণ কৰিছে ৷
![খেৰণিত হাইস্কুলৰ পৰিৱেশ সলনি কৰিলে কোৱাৰেন্টাইন লোকে ! Uncomon Qurantine People in West karbi arlong High School](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7667529-thumbnail-3x2-hji.jpg)
উল্লেখ্য যে,পশ্চিম কাৰ্বি আংলঙৰ খেৰণি হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰৰ কোৱাৰেন্টাইনত থকা লোকসকলে বিদ্যালয় খনত বহি নাথাকি বিভিন্ন কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ৷ তেওঁলোকে বিদ্যালয় খনত থকা হাবি -জংঘলবোৰ কাটি পৰিস্কাৰ কৰাৰ লগতে একাংশই আকৌ বিভিন্ন গছ পুলি আৰু ফুল গছ আদি ৰোপণ কৰি ফুলৰ বাগিচা বনাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰে মাজৰে আন এজনে আকৌ বিদ্যালয়গৃহৰ দেৱালত ছবি অংকণ কৰি ছবিৰ জৰিয়তে ৰাজ্যবাসীলৈ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰাও পৰিলক্ষিত হৈছে। তাৰোপৰি বিদ্যালয় খনত পুনৰ ৰং লগাবলৈ আন একাংশই ইচ্ছা প্ৰকাশ কৰাও গৈছে ৷ উক্ত বিদ্যালয় খনত মুঠ 100 জন লোক কোৱাৰেন্টাইন হৈ আছে ৷ তেওঁলোকে বিদ্যালয় খনলৈ আগবঢ়োৱা এই পদক্ষেপক সকলো ৰাইজে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনাইছে ৷
লগতে পঢ়ক-কাজিৰঙাত চোৰাং চিকাৰী প্ৰতিৰোধৰ সফলতা সম্পৰ্কীয় সংবাদমেল