অসম

assam

ETV Bharat / state

হোজাইত ড্ৰাগছসহ দুই ড্ৰাগছ আসক্ত যুৱক আটক - Two youth with drugs arrested

মঙলবাৰে হোজাইত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে দুজনকৈ যুৱক ৷

two-youth-with-drugs-arrested-at-hojai
হোজাইত ড্ৰাগছসহ দুই ড্ৰাগছ আসক্ত যুৱক আটক

By

Published : Jul 20, 2021, 9:52 PM IST

হোজাই, 20 জুলাই : ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী জব্দ হৈছিল ৷ ইয়াৰ পিছতে ড্ৰাগছ বিৰোধী অভিযানক লৈ অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ মঙলবাৰে হোজাইত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ আসক্ত যুৱক ৷

প্ৰাপ্ত তথ্য মতে, হোজাই জিলাৰ লংকা বজাৰৰ পৰা ড্ৰাগছসহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক কৰে লংকা আৰক্ষীয়ে ৷ ধৃত যুৱককেইজন কাকী অঞ্চলৰ ৰাম বাবু পাঠক আৰু মাধুৰ্য ডেকা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱককেইজনে লামডিঙৰ পৰা ড্ৰাগছ সৰবৰাহ কৰাৰ কথা জানিবলৈ দিছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

হোজাইত ড্ৰাগছ জব্দ

উল্লেখ্য যে, এটা গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষীয়ে চলাইছিল এক বিশেষ অভিযান ৷ আৰক্ষীয়ে লংকাৰ পিয়লি বজাৰৰ নেতাজীৰ প্ৰতিমূৰ্তিৰ কাষৰ পৰা আটক কৰে ড্ৰাগছ আসক্ত যুৱক দুজনক ৷ লগতে জব্দ কৰে আটকাধীন যুৱককেইজনে ব্যৱহাৰ কৰা AS 31-9055 নম্বৰৰ এখন বাইক ৷

আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই থকাৰ পাছতো একাংশ দুষ্টলোকে বৰ্তমানেও ড্ৰাগছৰ বেহা অব্যাহত ৰখাৰ চেষ্টা কৰি আছে ৷ সেইসকলৰ বিৰুদ্ধে আৰক্ষী অধিক হ'ব বুলি জনাইছে হোজাই আৰক্ষীয়ে ৷ যুৱক কেইজনক জেৰা কৰাৰ পাছতে বহু তথ্য পোহৰলৈ আহিব বুলি জনাইছে লংকাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ৰাজ্যত অব্যাহত থকা ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবিখন ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে ড্ৰাগছৰ বেহাত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃপদুলিলৈ ওলাই আঁহোতেই নোহোৱা হ’ল এটি শিশু

ABOUT THE AUTHOR

...view details