অসম

assam

ETV Bharat / state

হোজাইত ৰে'লৰ খুন্দাত কৰুণ মৃত্যু দুটাকৈ বন্যহস্তীৰ

ঘটনা সংঘটিত হোৱা ঠাইডোখৰ পূৰ্বৰে পৰা হাতী অহা-যোৱা কৰা বাট হিচাপে চিনাক্ত কৰা আছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত সেই ঠাইৰে ৰে'ল যাওঁতে ৰে'লৰ গতি বেগ নিয়ন্ত্ৰন কৰিবলৈও বন বিভাগে ৰে'ল কৰ্তৃপক্ষক আবেদন জনাইছিল ৷

Two wild elephants have died tragically in the Hojai railway ravine
হোজাইত ৰে'লৰ খুন্দাত কৰুণ মৃত্যু দুটাকৈ বন্যহস্তীৰ

By

Published : Sep 27, 2020, 2:28 PM IST

হোজাই,27 ছেপ্তেম্বৰঃহোজাইত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ৷ দেওবাৰে পুৱতি নিশা নামনিমুৱা মালবাহী ৰে'লৰ খুন্দাত মৃত্যু হয় দুটাকৈ বন্যহস্তীৰ ৷ ঘটনাস্থলীত ডি এফ অ পুলক চৌধুৰী, এ চি এফ চম্পক ডেকা উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

হোজাইত ৰে'লৰ খুন্দাত কৰুণ মৃত্যু দুটাকৈ বন্যহস্তীৰ

উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱা ঠাইডোখৰ পূৰ্বৰে পৰা হাতী অহা-যোৱা কৰা বাট হিচাপে চিনাক্ত কৰা আছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত সেই ঠাইৰে ৰে'ল যাওঁতে ৰে'লৰ গতি বেগ নিয়ন্ত্ৰন কৰিবলৈও বন বিভাগে ৰে'ল কৰ্তৃপক্ষক আবেদন জনাইছিল ৷ কিন্তু ৰে'ল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই তীব্ৰ বেগী ৰে'লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় দুয়োটা বন্যহস্তীয়ে ৷

লগতে পঢ়কঃ"সম্পৰ্ক"ৰে সম্পৰ্ক গঢ়িছে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত 67 হাজাৰ শ্ৰমিকে

ABOUT THE AUTHOR

...view details