অসম

assam

ETV Bharat / state

লংকাত আটক দুই গভাইত চোৰ - hojai railway thieves

১৮ জুলাইৰ নিশা লংকা ৰে'লৱে কলনিৰ কমলেশ্বৰ পাটৰ নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল ৷ এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে লংকাপট্ৰিত এক অভিযান চলাই লংকাপট্ৰিৰ মইনুল হুছেইন আৰু হবিবুৰ হুছেইন নামৰ দুই গভাইট চোৰক চুৰি হোৱা সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয়।

Hojai
লংকা

By

Published : Jul 27, 2020, 1:36 PM IST

হোজাই, 27 জুলাই :হোজাই জিলাৰ অন্তৰ্গত লংকা আৰক্ষীযে এক অভিযান চলাই আটক কৰে দুই গভাইত চোৰক ৷ তথ্য অনুসৰি, আৰক্ষীয়ে জিলাখনৰ লংকাপট্ৰিৰ পৰা দুই গভাইত চোৰৰ লগতে বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দৰাচলতে, ১৮ জুলাইৰ নিশা লংকা ৰে'লৱে কলনিৰ কমলেশ্বৰ পাটৰ নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল ৷

লগতে পঢ়কঃনিশ্চিহ্ন হোৱাৰ পথত অসমৰ এটা বিধান সভা সমষ্টি

লোকজনৰ ঘৰৰ পৰা এটা লেপটপ, মোবাইল ফোন ইত্যাদি সামগ্ৰী লৈ উধাও হৈছিল চোৰ । পৰৱৰ্তী সময়ত এই চুৰি কাণ্ড সম্পৰ্কে কমলেশ্বৰ পাটৰে লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে লংকাপট্ৰিত এক অভিযান চলাই লংকাপট্ৰিৰ মইনুল হুছেইন আৰু হবিবুৰ হুছেইন নামৰ দুই গভাইট চোৰক চুৰি হোৱা সামগ্ৰীসহ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details