হোজাই,26 ডিচেম্বৰ : হোজাই জিলাৰ খাৰিখানা বৰদলংত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী ৷ শুকুৰবাৰে নিশা হোজাইৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰা হয় বিল্লাল উদ্দীন আৰু ৰহিম উদ্দীন নামৰ দুই ভাতৃ ৷ আৰক্ষীয়ে দুয়োৰে পৰা 7.65 পিষ্টল সহ মেগজিন জব্দ কৰে ৷
হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী - Hojai gun seize news
শুকুৰবাৰে নিশা হোজাইৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত চলোৱা এক অভিযানত পিষ্টল সহ আটক কৰা হয় দুই কুখ্যাত অপৰাধী বিল্লাল উদ্দীন আৰু ৰহিম উদ্দিনক ৷
![হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী as_hojai_ two-persons-got-arrest-with-guns-at-hojai_img_10015](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10012528-thumbnail-3x2-h.jpg)
হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী
হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী
উল্লেক্য যে, ধৃত দুই ভাতৃ ক্ৰমে বিল্লাল উদ্দীন আৰু ৰহিম উদ্দীন ডিমাপুৰৰ বাসিন্দা ৷ ডিমাপুৰৰ পৰাই অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই দুই ভাতৃয়ে অসমত ইয়াৰ চোৰাং ব্যৱসায় চলাই অহা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ইতিমধ্যে দুয়ো ভাতৃকে লংকা থানাত জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে এই দুয়োগৰাকী কুখ্যাত অপৰাধীৰে আৰু কোন লোক জড়িত হৈ আছে সেইয়া পোহৰলৈ আহিব ৷
লগতে পঢ়ক :হাগ্ৰামা মহিলাৰীয়ে হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিলঃ ইউপিপিএল
Last Updated : Dec 26, 2020, 1:08 PM IST