হোজাই, 21 অক্টোবৰ :আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত দুই ভুৱা আৰক্ষীক আটক কৰিছে লামডিং আৰক্ষীয়ে ৷ দীৰ্ঘদিনে এই দুই অভিযুক্তই লামডিং আৰক্ষীৰ নামত সংগ্ৰহ কৰি আহিছিল ধন ৷ আটকাধীন লোক কেইজন ক্ৰমে, ৰাকেশ দে উৰফে বান্টি আৰু বিজয় কুমাৰ দে উৰফে ফুলু ৷
লামডিঙৰ সাৱিত্ৰী বৰ্মণ নামৰ এগৰাকী বিধৱা মহিলাৰ অভিযোগৰ ভিত্তিত ধৃত লোক কেইজনক আটক কৰে আৰক্ষীয়ে ৷ ঘটনা অনুসৰি, এই লোক দুজনে সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই লামডিং থানাৰ নামত ধন সংগ্ৰহ কৰি আহিছিল ৷ থিক সেইদৰে হোটেলৰ ব্যৱসায় কৰা সাৱিত্ৰী বৰ্মণ নামৰ বিধৱা মহিলা গৰাকীৰ পৰা লোক কেইজনে দাবী কৰিছিল ধন ৷