হোজাই,8 ফেব্ৰুৱাৰী : হোজাই জিলাৰ কাকীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক । চৰকাৰী অনুদানেৰে আত্মসহায়ক গোটলৈ অহা ট্ৰেক্টৰ বিক্ৰী কৰাক কেন্দ্ৰ কৰি আটক দুই প্ৰৱঞ্চকক । লগতে, আৰক্ষীয়ে জব্দ কৰে বিক্ৰী কৰা টেক্টৰখন । অভিযোগ অনুসৰি, কাকীৰ মিলিজুলি আত্মসহায়ক গোটৰ বাবে আহিছিল টেক্টৰখন ৷ আত্মসহায়ক গোটটোৰ সভাপতি অতুল বৰাই বিক্ৰী কৰিছিল হেমন্ত বৰা নামৰ এজন লোকক টেক্টৰখন ৷
কাকীত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক - মিলিজুলি আত্মসহায়ক গোট
হোজাইত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক ৷ চৰকাৰী টেক্টৰ বিক্ৰীৰ অভিযোগ লোক দুজনৰ বিৰুদ্ধে ৷
হোজাই জিলা কাকীত গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক
আত্মসহায়ক গোটটোৰ সম্পাদক, সদস্যৰ এজাহাৰ ভিত্তিত জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু কাকী আৰক্ষীৰ সহযোগত ঘটনা সন্দৰ্ভত তদন্ত কৰি আটক কৰে এই দুই প্ৰৱঞ্চক । উল্লেখ্য যে, আটক কৰা হেমন্ত বৰা এজাৰবাৰী গাঁও পঞ্চায়তৰ হিচাব পৰীক্ষক আছিল ।
লগতে পঢ়ক :বিদ্যুৎ সংযোগঃ অনলাইনযোগে কামৰ ব্যৱস্থা কৰিব শক্তি বিভাগে