হোজাই, 18 জুন :হোজাই জিলাৰ উদালিত শুকুৰবাৰে নিশা পানীত পৰি দুটি শিশুৱে কৰুণ মৃত্যুক আকোঁৱালি লয়(Child death in Hojai) ৷ নিহত শিশু দুটা ক্ৰমে লংকা উদালি কছাৰী গাঁৱৰ চুফিয়ান আলম(৯) আৰু জুনেইড আহমেদ (৫)বুলি জানিব পৰা গৈছে ।
শুকুৰবাৰে বিয়লি ৩ বজাৰ পৰা নিখোঁজ হৈ আছিল শিশু দুটি ৷ পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পাছত নিশা ঘৰৰ সন্মুখৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশু দুটাৰ মৃতদেহ । নিশাই ঘটনাস্থলীত উদালী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷