অসম

assam

ETV Bharat / state

লামডিঙত বাৰ্মিজ চুপাৰি সৰবৰাহৰ দুই মাষ্টাৰমাইণ্ডক আটক - বাৰ্মিজ চুপাৰি মাফিয়া ধনেশ্বৰ মেধি

লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বাৰ্মিজ চুপাৰিৰ মাফিয়াক (Two Burmese supari mafia arrested)৷ 13 ছেপ্টেম্বৰৰ নিশা এক গোপন সূত্ৰৰ পম খেদি লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত এটা আৰক্ষী দলে এক অভিযান চলাই জব্দ কৰিছিল প্ৰায় 1,050 কিলোগ্ৰাম বাৰ্মিজ চুপাৰি (Burmese supari seized in Lumding) ৷

বাৰ্মিজ চুপাৰি সৰবৰাহৰ দুই মাষ্টাৰমাইণ্ডক আটক
Two Burmese supari mafia arrested in Lumding

By

Published : Sep 15, 2022, 7:43 PM IST

লামডিং, 15 ছেপ্টেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ (Illegal Burmese supari ) চোৰাং বেহা ৷ প্ৰতিদিনেই নতুন কৌশলেৰে সৰবৰাহকাৰীয়ে চলাই আহিছে চুপাৰিৰ সৰবৰাহ ৷ যোৱা 13 ছেপ্টেম্বৰৰ নিশা এক গোপন সূত্ৰৰ পম খেদি লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত এটা আৰক্ষী দলে এক অভিযান চলাই জব্দ কৰিছিল প্ৰায় 1,050 কিলোগ্ৰাম বাৰ্মিজ চুপাৰি (Burmese supari seized in Lumding) ৷

বাৰ্মিজ চুপাৰি সৰবৰাহৰ দুই মাষ্টাৰমাইণ্ডক আটক

লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 407 গাড়ী নং AS/02AC-5218 নম্বৰৰ গাড়ীখনৰ পৰা জব্দ কৰিছিল প্ৰায় 15 লাখ টকাৰ চুপাৰিখিনি ৷ ধানৰ বস্তাৰ মাজত লুকুৱাই লৈ আহিছিল জব্দকৃত চুপাৰিখিনি ৷

অৱশেষত বৃহস্পতিবাৰে লামডিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বাৰ্মিজ চুপাৰিৰ মাফিয়াক (Two Burmese supari mafia arrested)৷ ধৃত মাফিয়া দুটা হৈছে ছাহিদ আহমেদ আৰু ধনেশ্বৰ মেধি ( Supari mafia arrested in Lumding) ৷ আৰক্ষীয়ে দুই মাফিয়াৰ পৰা ৪৪ হেজাৰ নগদ ধন আৰু মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি দুই মাফিয়াৰে ঘৰ নগাঁও জিলাৰ যমুনামুখত ৷

উল্লেখ্য যে বাৰ্মিজ চুপাৰি মাফিয়া ধনেশ্বৰ মেধি (V D P) গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলি জানিব পৰা গৈছে ৷ ইফালে মাফিয়া দুটাক হাতত হেণ্ডকাফ নলগোৱাৰ কথাই সকলোৰে চকু কঁপালত তুলিছে ৷ সাংবাদিকৰ প্ৰশ্নত আৰক্ষীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাই আছে যে এনেকৈ হেণ্ডকাফ লগাব নোৱাৰি ৷ যেতিয়া দুয়োটা মাফিয়াক লৈ যোৱা হ’ব তেতিয়া হেণ্ডকাফ লগাম বুলি আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:মহিলাৰ আপত্তিজনক ফটো ভাইৰেল, ভোক্তভোগী মহিলাই তৰিলে গোচৰ

ABOUT THE AUTHOR

...view details